Rupaliparda.com
পলিটিকেল থ্ৰীলাৰ ধৰ্মী বিশ্বজিৎ বৰাৰ "লখিমী"- 1

পলিটিকেল থ্ৰীলাৰ ধৰ্মী বিশ্বজিৎ বৰাৰ “লখিমী”-

বৰ্তমান অসমীয়া ছবিৰ যিটো বতাহে দৰ্শকৰ মন জুৰাবলৈ সক্ষম হৈছে; সেই বতাহ জাকে অসমীয়া চলচিত্ৰ উদ্যোগ বিশেষ ভাৱে টনকিয়াল কৰাও দেখিবলৈ পোৱা গৈছে । চলিত বৰ্ষত আহিবলগীয়া কেইবাখনো অসমীয়া ছবিৰ ভিতৰত এখন হ’ল বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত ছবি “লখিমী”।

পলিটিকেল থ্ৰীলাৰ ধৰ্মী বিশ্বজিৎ বৰাৰ "লখিমী"- 2


“বহ্নিমান” তথা “ৰক্তবীজ” ৰ পিছতেই আকৌ এবাৰ দৰ্শকৰ মাজলৈ আহি আছে বিশ্বজিৎ বৰাৰ ছবি। পলিটিকেল থ্ৰীলাৰ ধৰ্মী এই ছবিখনত গাওঁ অঞ্চলৰ ৰাজনৈতিক ব্যৱস্থাৰ কিছু কাহিনী উপস্থাপন কৰা হ’ব। ড্ৰামাৰ ভৰপূৰ সমাৱেশ ঘটিব উক্ত ছবিখনত।

পলিটিকেল থ্ৰীলাৰ ধৰ্মী বিশ্বজিৎ বৰাৰ "লখিমী"- 3


উল্লেখ্য যে, চলিত বৰ্ষৰ ২৪ এপ্ৰিল তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনৰ ইতিমধ্যে মুকলি কৰা হৈছে ট্ৰেইলাৰ। আমেৰিকাস্থিত ভাৰতীয় মূলৰ মহেশ চিৰলাৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনত দৰ্শকে দেখিবলৈ পাব কেইবাখনো ন-মুখ। লগতে, ছবিখনত কিছু সময়ৰ বাবে মন্ত্ৰী অতুল বৰাইও অভিনয় কৰিছে। ৯৪ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনক লৈ বৰ্তমান উৎসাহী হৈ আছে পৰিচালক বিশ্বজিৎ বৰাৰ লগতে অসমীয়া দৰ্শক।

2 comments

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.