Rupaliparda.com
জুবিন গাৰ্গৰ কন্ঠৰে আকৌ এক নতুন গীত "অধৰে"- 1

জুবিন গাৰ্গৰ কন্ঠৰে আকৌ এক নতুন গীত “অধৰে”-

জুবিনৰ এষাৰ মাত বা এটা গীতৰ বাবেই তেওঁৰ অনুৰাগীয়ে প্ৰত্যেকটো সময়ত অপেক্ষা কৰি থকা দেখিবলৈ পোৱা যায়। নকৰিবইনো কিয়? তেওঁৰ কন্ঠৰ একোটা গীতে জনসাধাৰণক ইমানেই বেছি আকৰ্ষিত কৰি তোলে যে গীতটি মুক্তিৰ পিছৰ পৰাই শ্ৰোতৰ নিৰ্দ্দিষ্ট “গীতৰ লিষ্ট” খনত শীৰ্ষ স্থান দখল কৰে। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত তেওঁৰ পূৰণি গীত “মোৰ মনৰে কল্পনা” ৰ নতুন ৰূপ তথা ইয়াৰ ভিডিঅ’টিয়ে বাৰুকৈয়ে শ্ৰোতা ও দৰ্শকক আকৰ্ষিত কৰিছিল।

জুবিন গাৰ্গৰ কন্ঠৰে আকৌ এক নতুন গীত "অধৰে"- 2


ইয়াৰ পিছতেই জুবিনৰ নতুন গীতৰ মুক্তি খবৰে আকৌ এবাৰ উৎসাহী কৰি তুলিছে তেওঁৰ অনুৰাগীক। ৰাহুল ডে দাসৰ শব্দৰে গীতটোত জুবিনৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে সাগৰিকা শৰ্মাই। “অধৰে” শীৰ্ষক এই গীতটিৰ প্ৰযোজনা কৰিছে অনুপম কোঁৱৰে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.