Rupaliparda.com
এইবাৰ বৰ্ণালীৰ "ভেলেন্টাইন ডে" ৰ স্পেচিয়েলঃ আহি আছে "আজি কি সপোন"- 1

এইবাৰ বৰ্ণালীৰ “ভেলেন্টাইন ডে” ৰ স্পেচিয়েলঃ আহি আছে “আজি কি সপোন”-

দিগন্ত ভাৰতীৰ শব্দৰে ভেলেন্টাইন ডে’ ৰ পূৰ্বে মুক্তি লাভ কৰিব এটি সুন্দৰ প্ৰেমৰ গীত। কেইবাটাও জনপ্ৰিয় গীতেৰে শ্ৰোতাৰ মন মোহা বৰ্ণালী কলিতাই কন্ঠদান কৰিব এই গীতটোত। অসমীয়াকে ধৰি কেইবাটাও ভিন্ন ভাষা ক্ৰমে কাৰ্বি, বড়ো, মিছিং, নেপালী, তিৱা, দেউৰী, অৰুণাছলী, নাগামিজ, বেংগলীত কন্ঠদান কৰা বৰ্ণালী কলিতা অসমৰ জনসাধাৰণৰ বাবেই হৈছে এক স্বাভিমান।

এইবাৰ বৰ্ণালীৰ "ভেলেন্টাইন ডে" ৰ স্পেচিয়েলঃ আহি আছে "আজি কি সপোন"- 2


“আজি কি সপোন” শীৰ্ষক এই গীতটোত সংগীত সম্পাদনা কৰিছে পলাশ সূৰ্য্য গগৈয়ে। “ভেলেন্টাইন ডে” ৰ এদিন পূৰ্বেই এই গীতটিক শ্ৰোতাক উপহাৰ স্বৰূপ দিব কন্ঠশিল্পী গৰাকীয়ে। গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ নিজ ইনষ্টাগ্ৰাম একাউন্টত আপলোড কৰি বৰ্ণালীয়ে ইয়াৰ বিষয়ে জানিবলৈ দিয়ে তেওঁৰ অনুৰাগীক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.