১৯৩৫ চনৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “জয়মতী” তকৈ কিছু তথ্য সলনি কৰি ২০০৬ চনত মঞ্জু বৰাই নিৰ্মাণ কৰি উলিয়াইছিল এখন নতুন “জয়মতী”। এগৰাকী অবলা, অজলা আৰু সৰল মনৰ অধিকাৰী কৰি “জয়মতী” ক উপস্থাপন কৰা হোৱা নাই মঞ্জু বৰাৰ “জয়মতী” ত। বৰঞ্চ, মঞ্জু বৰাই জয়মতীক এগৰাকী সবল, শক্তিশালী আৰু ৰাজনৈতিক ভাৱে দূৰদৰ্শী নাৰী ৰূপে উপস্থাপন কৰিছিল তেওঁৰ ছবিখনত।

লাচিত বৰফুকনৰ মোমায়েকক কটা দৃশ্যৰে আৰম্ভ হোৱা এই ছবিখনত জ্যোতিপ্ৰসাদৰ “জয়মতী” ৰ “ডালিমী” চৰিত্ৰটো নাই। আনহাতে, ডালিমীৰ পৰিৱৰ্তে ইয়াত পৰিচালক গৰাকীয়ে এটা ঐতিহাসিক চৰিত্ৰ অৱতাৰণা ঘটাইছে; সেয়া হৈছে নগা কন্যা “নে পে’ ওয়ানছা’ কুৱৰী ওৰফে জুলুমী”। মাৰ্ঘেৰিটাৰ কেটেটং গাওঁত চিত্ৰগ্ৰহণ হোৱা এই ছবিখনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ ছবি সমাৰোহত প্ৰদৰ্শিত কৰা হৈছিল।


এই ছবিখনত অভিনয় কৰিছে নিতা বসুমতাৰী, ৰোহণ দলে, বিষ্ণু খাৰঘৰীয়া, তৌফিক ৰহমান আৰু প্ৰাঞ্জল শইকীয়াই।
Add comment