Rupaliparda.com
হিন্দী গীতত কঁকাল ভাঙিলে নিক জোনসেঃ 1

হিন্দী গীতত কঁকাল ভাঙিলে নিক জোনসেঃ

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনস বলীউড ক্ষেত্ৰৰ পৰা বাহিৰ ওলাই এগৰাকী গ্লোৱেল অভিনেত্ৰী হৈ পৰিছে। নিক জোনসৰ সৈতে বিবাহৰ পিছত তেওঁৰ অনুৰাগীৰ সংখ্যাও বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায়ে চৰ্চিত হৈ থকা এই যুঁটিটোৰ ফটো অথবা ভিডিঅ’ চাবলৈ উৎসাহিত হৈ থাকে দৰ্শক সকলো। এনে ক্ষেত্ৰতে, ভেলন্টাইন ডেক উদ্দেশ্যি এক ভিডিঅ’ আপলোড কৰে অভিনেত্ৰী প্ৰিয়ংকাই।

https://www.instagram.com/p/B8kH2ekpGOq/?utm_source=ig_web_copy_link
হিন্দী গীতত কঁকাল ভাঙিলে নিক জোনসেঃ 2


এই ভিডিঅ’টোত নিক জোনস বলীউডৰ জনপ্ৰিয় হিন্দী গীত সমূহত কঁকাল ভঙা দেখিবলৈ পোৱা গৈছে। ৰণৱীৰ সিং আৰু সাৰা আলিৰ ছবি “সিম্বা” ৰ “আখ মাৰে” শীৰ্ষক গীতটিত নাচি মনোৰঞ্জন কৰা দেখিবলৈ পোৱা গ’ল নিকক। উল্লেখ্য যে, বিগত বৰ্ষত মুক্তি প্ৰাপ্ত ছবি “দা স্কাই ইজ পিংক” ত শেষ বাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল প্ৰিয়ংকা চোপ্ৰাক। তাৰ পিছত, তেওঁ পৰিধান কৰা “মছলি ড্ৰেস” টোৰ বাবে দৰ্শকৰ সমালোচনাৰো সন্মুখীন হৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.