নীল আকাশৰ কন্ঠৰে মুক্তি লাভ কৰিলে “আকাশ”। কেইবাদিনৰ পৰা নীল আকাশে চচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট কৰি গীতটিৰ বিষয়ে দৰ্শকক জনাই আহিছিল। ৰোমান্টিক ও বিহুসুৰীয়া নহয়; শ্ৰোতাই এই গীতটিত পাব পূৰ্বতকৈ কিছু নতুন। নিজ প্ৰত্যেকটা গীতেৰে শ্ৰোতাক নিজৰ পিনে টনা এই গৰাকী কন্ঠশিল্পীৰ উক্ত গীতটি মুক্তি পোৱা পিছতেই লাভ কৰিলে ৩৩ হাজাৰতকৈও অধিক ভিউৱাৰচ।

“অ আকাশ” শীৰ্ষক এই গীতটি লিখিছে মৃন্ময় ম্ৰিত্তিক লগতে ইয়াত সুৰ দিছে নীল আকাশ আৰু উজ্জ্বল আৰঙে। গীতটিত সুৰো দিছে উজ্জ্বল আৰঙে নিজেই।
Add comment