ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠিত এগৰাকী অসম জীয়ৰী; পেছাত ফেশ্বন ডিজাইনাৰ। অসমৰ পাট-মুগা তথা মেখেলা ছাদৰক ৰাষ্ট্ৰীয় ক্ষেত্ৰত এক উচ্চ স্থানলৈ লয় যোৱাৰ মানসিকতাৰে তেওঁ আগবাঢ়িছে। তেওঁৰ নাম হৈছে সংযুক্তা দত্ত।এগৰাকী-দুগৰাকী নহয়; বলীউডৰ প্ৰায়বোৰ মোহময়ী অভিনেত্ৰীয়ে সংযুক্তাৰ দ্বাৰা ডিজাইন কৰা অসমীয়া মেখেলা ছাদৰ পৰিধান কৰি ৰেম্পত খোজ দিছে। কৰিশ্মা কাপুৰ, তাবু আদিকে ধৰি বহু তাৰকাক সংযুক্তাই ঢালিছে অসমীয়া ৰঙত।
এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়; চলিত বৰ্ষৰ “লেকমি ফেশ্বন উইক” ত সংযুক্তা দত্তই ডিজাইন কৰা অসমীয়া পাটৰ মেখলা ছাদৰ পৰিধান কৰি ৰেম্পত খোজ দিলে অভিনেত্ৰী বিপাস বসুৰ লগতে তেওঁৰ স্বামী ও অভিনেতা কৰণ সিং গ্ৰোৱৰে।

অভিনেত্ৰী বিপাসাই নিজ ইনষ্টাগ্ৰামত ফেশ্বন উইক তথা তেওঁ পৰিধান কৰা কাপোৰৰ সৈতে ফটো পোষ্ট কৰি “অসমীয়া মেখেলা ছাদৰ” ৰ লগতে সংযুক্তা দত্তক প্ৰশংসা কৰাও দেখিবলৈ পোৱা যায়।
Add comment