অৰণ্য ধবংসৰ ওপৰত কেন্দ্ৰ কৰি কিছু তথাকথিত ৰাজনৈতিক বিষয়াৰ মৈ-মতালিৰ কাহিনীৰে ২০১৩ চনত নিৰ্মাণ কৰা হৈছিল ছবি “মহাসমৰ”।

জ’নছ মহলীয়াৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত সেউজ অৰণ্যৰে ভৰপূৰ “পিপৰাগুৰি” নামে এখন ঠাইত সংঘটিত কিছু দুৰ্নীতিক প্ৰতিফলিত কৰা হৈছে। ঠাইখনত ভণ্ড ৰাজনীতিবিদ, অসৎ চৰকাৰী বিষয়া আৰু স্থানীয চোৰাং কাঠ ব্যৱসায়ীৰ চকু পৰে যাৰ ফলত সেউজীয়াৰে ভৰপূৰ “পিপৰাগুৰি” ত ধবংসলীলা চলোৱা হয়। নিষ্ঠাৱান সাংবাদিক তথা নিজৰ কৰ্মৰ প্ৰতি দৃঢ়প্ৰতিজ্ঞ চৰকাৰী বিষয়াইও এইলোকক যেতিয়া বাধা দিব পৰা নাছিল তেতিয়াই এগৰাকী বন বিষয়া সেই ঠাইলৈ আহে আৰু সমস্ত গাওঁবাসীক এই লুন্ঠন তথা ভণ্ডামীৰ বিৰুদ্ধে থিয় কৰোৱায়। এয়াই হৈছে “মহাসমৰ” ৰ কাহিনীভাগ।

উক্ত ছবিখনত সংযোজিত এটা আইটেম নম্বৰত নৃত্য কৰিছে ইউক্ৰেইনৰ নৃত্যশিল্পী এৰিনাই। ছবিখনত অভিনয় কৰিছে নিপন গোস্বামী, দীনেশ নাথ, অৰুণ নাথ, দীপক নাথ, অৰুণ হাজৰিকা আৰু অতুল পাচনি, আইমী বৰুৱা, জুনু বৰুৱা, বিকাশ ভৰদ্বাজ, খঞ্জন নাথ, লক্ষ্মী বৰঠাকুৰন, নিৰোদ চৌধুৰী, ৰীতা মহলীয়া, সভাষ মোদক, ধন ভৰালী, বৰ্ণালী নাথ আৰু অমৰজিৎ হাজৰিকাই।

উল্লেখ্য যে, “মহাসমৰ” ৰ বাবে অভিনেত্ৰী আইমীয়ে ২০১৩ বৰ্ষৰ অসমীয়া চলচিত্ৰ কেটেগৰীত “ফিল্মফেয়াৰ এৱাৰ্ড নৰ্থ-ইষ্ট” ত বেষ্ট এক্টৰ ফিমেলৰ বাবে মনোনয়ন লাভ কৰে।
Add comment