কৰণ জহৰৰ দ্বাৰা পৰিচালিত “এ দিল হে মু্ছকিল” ছবিখনত দেখিবলৈ পোৱা অভিনেত্ৰী লিজা হেডেন দ্বিতীয় বাৰৰ বাবে মাতৃ সুখ লাভ কৰিবলৈ সক্ষম হৈছে। পুনৰ বাৰ তেওঁ এটা শিশু পুত্ৰ জন্ম দিয়ে। লিজা হেডেন আৰু তেওঁৰ স্বামী ডিনো লালৱানীয়ে তেওঁৰ দ্বিতীয় পুত্ৰৰ নাম “লিয়ো” ৰাখে। চচিয়েল মিডিয়াত অভিনেত্ৰী ও মডেল গৰাকীয়ে তেওঁৰ দুয়ো পুত্ৰ ফটো শ্বেয়াৰ কৰে। যি ফটোত এতিয়া তেওঁৰ অনুৰাগীয়ে যথেষ্ট কমেন্ট কৰা দেখিবলৈ পোৱা গৈছে।


মাতৃত্বৰ সুখ লৈ এক বেলেগ ধৰণৰ অনুভৱ হোৱা বুলি জনোৱাৰ লগতে তেওঁ পোষ্টটোৰ জৰিয়তে নিজ স্বামীকো ধন্যবাদ জ্ঞাপন কৰে। অভিনেত্ৰী গৰাকীৰ এই ফটোৱে এতিয়া লাভ কৰিছে দৰ্শকৰ যথেষ্ট সমাদৰ। ২০১৬ চনত ডিনো লালৱানীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা লিজাই ২০১৭ বৰ্ষত তেওঁৰ প্ৰথমটো প্ৰসৱ কৰে।
Add comment