Rupaliparda.com
বহাগ বিহুত ৰাইজৰ মাজলৈ "জানমণি ২০২০"- 1

বহাগ বিহুত ৰাইজৰ মাজলৈ “জানমণি ২০২০”-

আকৌ এবাৰ এখন নতুন ছবিৰ সংযোজন অসমীয়া ছবি জগতত। বিগত কিছু সময়ৰ পৰা অসমীয়া ছবিয়ে সফলতাৰ ছিৰি বগাবলৈ সুবিধা লাভ কৰিছিল; এনেক্ষেত্ৰতেই অসমীয়া নতুন ছবিক লৈ উৎসাহিত হৈ পৰে অসমীয়া চলচিত্ৰ প্ৰেমী। এখন নতুন ছবি “জানমণি ২০২০” য়ে চলিত বৰ্ষতে লাভ কৰিব মুক্তি। ইতিমধ্যে ছবি খনৰ শ্বুটিং সম্পন্ন হৈ উঠিছে।

https://www.instagram.com/p/B8jdZnyBV6p/?utm_source=ig_web_copy_link


বিষ্ণুজ্যোতি সন্দিকৈৰ কাহিনী, চিত্ৰনাট্য তথা সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনত দৰ্শকে দেখিবলৈ পাব কেইবাগৰাকীও নতুন শিল্পী। ইতিমধ্যে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে। কেইবাটাও মিউজিক ভিডিঅ’ত অভিনীত দীপজ্যোতি মহন্তৰ এইখনেই হ’ব তেওঁৰ অভিনয় জীৱনৰ প্ৰথমখন ছবি। ইয়াৰ লগতে,ছবিখনত অভিনয় কৰিছে দিগাংগনা বৰা আৰু দীপাংকৰ মহন্তই।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform