কেনী বসুমতাৰীয়ে হাস্যৰসিকভাৱে জনালে তেওঁৰ আগন্তুক ছবিৰ বিষয়ে। “লোকেল কুংফ”, “লোকেল কুংফু ২” আৰু “Suspended Inspector Boro” ৰ পিছত এইবাৰ তেওঁৰ পৰিচালনাৰে আহি আছে এখন নতুন ছবি “লোকেল উৎপাত”। কম টকীয়া বাজেটেৰে দৰ্শকক হাঁহিবলৈ অৱকাশ দিয়া এই গৰাকী পৰিচালক ও অভিনেতাৰ ছবিসমূহৰ বৈশিষ্ট্যই সুকীয়া।

কেনী বসুমতাৰীৰ আহিবলগীয়া এই ছবিখন মুঠ ৯০ মিনিট দৈৰ্ঘ্যৰ। ইউটিউবত তেওঁ আপলোড কৰা এই ভিডিঅ’টোত তেওঁ “লোকেল উৎপাত” ৰ বিষয়ে দৰ্শকক জনোৱাৰ উপৰিও “পাইৰেছী” তথা ছবি এখনত খৰচ হোৱা টকা পইচাৰ হিচাপো সুহুতীয়া আকাৰে প্ৰকাশ কৰে।
1 comment