আগন্তুক অসমীয়া ছবি “লখিমী” ৰ কালি অৰ্থাৎ ১৬ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইত মুকলি কৰা হয় দুটি গীত। “সাহাৰা ষ্টাৰ” ৰ লিংক ক্ৰাফ্টত মুকলি কৰা এই গীত দুটিত কন্ঠদান কৰিছে ইমন চৌধুৰী আৰু ৰশ্মিৰেখা দেৱীয়ে। মঞ্জিত তালুকদাৰ আৰু লোপামুদ্ৰ গগৈ বৰাৰ কথাৰে নিৰ্মিত গীত দুটিত সংগীত কৰিছে নয়ন মণি বৰ্মনে। অহা ১৮ ফেব্ৰুৱাৰী তাৰিখে গীত দুটিক “DHWANI RECORDS” নামে ইউটিউব চেনেলটোত মুকলি কৰা হ’ব।



২৪ এপ্ৰিল তাৰিখে মুক্তিপাবলগীয়া বিশ্বজিৎ বৰাৰ দ্বাৰা শেহতীয়াকৈ নিৰ্মিত উক্ত ছবিখনৰ গীত মুকলি অনুষ্ঠানত উপস্থিত থাকে বলীউডৰ প্ৰসিদ্ধ অভিনেতা ৰাজেন্দ্ৰ গুপ্তা, অভিনেত্ৰী উৰ্মিলা মহন্তকে আদি কৰি মুম্বাইস্থিত কেইবাগৰাকীও কলা-কুশলী লগতে উপস্থিত থাকে “লখিমী” ত অভিনীত অভিনেতা-অভিনেত্ৰীসকল।


এই অনুষ্ঠান খনত উপস্থিত নয়ন মণি বৰ্মণে ছবিখনৰ গীত দুটিক লৈ যথেষ্ট সুখী বুলি কোৱাৰ লগতে গীত দুটিয়ে ৰাইজৰো সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে, এই অনুষ্ঠানখনৰ লগতেই সংগতি ৰাখি অসমীয়া ছবি সন্দৰ্ভত এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়।
Add comment