Rupaliparda.com
বহু প্ৰশংসিত যদিও আশানুসৰি লাভ নাপালে "থপ্পড়" য়েঃ 1

বহু প্ৰশংসিত যদিও আশানুসৰি লাভ নাপালে “থপ্পড়” য়েঃ

বিগত কেইবাদিনো ধৰি তাপসি পান্নুৰ ছবি “থপ্পড়” য়ে চৰ্চা লাভ কৰি আহিছিল। কিন্তু চৰ্চাৰ সমান্তৰালকৈ ই লাভ নকৰিলে দৰ্শকৰ বহুল সঁহাৰি। ছবি সমালোচকে ছবিখনৰ প্ৰশংসা কৰিছিল যদিও ই অপেনিঙত নাপালে আশানুসৰি লাভ। বস্ক অফিচ ইণ্ডিয়া ডট কমৰ তথ্য অনুসৰি, তাপসি পান্নুৰ এই ছবিখনে প্ৰথমটো দিনত লাভ কৰিছে মাত্ৰ ২.৭৫ কোটি টকা আৰু বিগত শনিবাৰ আৰু দেওঁবাৰৰ দিনটোত ই লাভ কৰিছে ক্ৰমে ৪.৭৫ কোটি আৰু ৬.২৫ কোটি টকা।

বহু প্ৰশংসিত যদিও আশানুসৰি লাভ নাপালে "থপ্পড়" য়েঃ 2


যথেষ্ট ধনাত্মক চৰ্চা তথা ছবি সমালোচকৰ পৰা লাভ কৰা প্ৰশংসাইও যেন আকৰ্ষণ কৰিব নোৱাৰিলে দৰ্শকক ছবিখনক লৈ। মহিলাৰ সাংসাৰিক জীৱনত ঘটা ঘটনা-পৰিঘটনাক লৈ নিৰ্মিত এই ছবিখনে আগন্তুক দিনত কিমান লাভ কৰিব সেয়া হ’ব লক্ষণীয়। কিয়নো, অহা ৬ মাৰ্চত মুক্তি পাবলৈ সাজু হৈছে ছবি “বাঘী ৩”; গতিকে এনেক্ষেত্ৰত “থপ্পড়” ছবিখনে আকৌ কিমান দৰ্শকক নিজৰ ফলীয়া কৰিব সেয়া আগন্তুক সময়ত জানিব পৰা যাব।

বহু প্ৰশংসিত যদিও আশানুসৰি লাভ নাপালে "থপ্পড়" য়েঃ 3


এইখিনিতে, কোৱা বাহুল্য যে; তাপসি পান্নুৰ এই ছবিখনৰ মুক্তি পূৰ্বে ছবিখনৰ ট্ৰেইলাৰ নিজ চচিয়েল মিডিয়াত আপলোড কৰি ছবিখনক শুভকামনা দিছিলে অভিনেতা আমিৰ খানে। ইয়াৰ উপৰিও স্মৃতি ইৰানীয়ে “থপ্পড়” ছবিখন চাবলৈ দৰ্শকক আহ্বান জনোৱাৰ লগতে তাপসি পান্নুক তেওঁ শুভকামনা জনাইছিল। ১৪২ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনৰ পৰিচালনা কৰিছিল অনুভৱ সিনহা লগতে ছবিখনৰ কাহিনী লিখিছে মৃণময়ী লাগোয়ে। ছবিখনত তাপসিৰ বাহিৰে অভিনয় কৰিছে পাৱেল গুলাটী, ৰত্না পাঠক শাহ, মানৱ কোল, দিয়া মিৰ্জা আৰু ৰাম কাপুৰে।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform