Rupaliparda.com
উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়া হব জুবিনকঃ 1

উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়া হব জুবিনকঃ

যোৱা শুক্ৰবাৰৰ পৰা গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰাইজৰ মৰম শিল্পী জুবিন গাৰ্গক নিয়া হব মুম্বাইলৈ।বৰ্তমান শিল্পী গৰাকী প্ৰায় সুস্থ যদিও তেওঁক উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হব পাৰে মুম্বাইলৈ। উল্লেখ্য যে, শিল্পীগৰাকীৰ পৰিয়াল আৰু ঘনিষ্ঠ মহলৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, জুবিন বৰ্তমান সুস্থ যদিও স্নায়ুজনিত কিছু সমস্যা থকা বাবে মুম্বাইলৈ নিবলৈ প্ৰস্তুতি চলোৱা বুলি উল্লেখ কৰিছে।যদিহে তেওঁক মুম্বাই লৈ নিয়া হয় তেন্তে দুই-এদিনতে নিয়া হ’ব পাৰে বুলিও উল্লেখ কৰে শিল্পী গৰাকীৰ পৰিয়ালৰ সদস্যই। মুম্বাইত থকা একাংশ শিল্পীয়ে এই ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ উদ্যোগ।

উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়া হব জুবিনকঃ 2
উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়া হব জুবিনকঃ 3


গুৰুত্বপূৰ্ণ কথা এই যে বৃক্ক, যকৃতকে ধৰি শিল্পী গৰাকীৰ সকলোবোৰ অংগই সুচল ভাৱে ক্ৰিয়া কৰি আছে কিন্তু স্নায়ুজনিত সমস্যা সম্পূৰ্ণ সুস্থ কৰিবলৈ মুম্বাইলৈ লৈ যোৱা প্ৰয়োজন বুলি উল্লেখ কৰিছে।অৱশ্যে উক্ত কথাখিনিৰ আনুষ্ঠানিক ঘোষণালৈ এতিয়াও বাকী।”প্ৰজেক্ট বৰগীত” ৰ মুক্তিৰ দিনাই অসুস্থ হৈ পৰিছিল হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গ। তেওঁৰ স্বাস্থ্যক লৈ অসমবাসী উদ্বিগ্ন হৈ পৰাও দেখিবলৈ পোৱা গৈছিল। ক্ৰমশঃ সুস্থ হৈ উঠিছে যদিও শিল্পী গৰাকীক কিছুদিনৰ বাবে জিৰণি ল’বলৈ কয় নেমকেয়াৰ হাস্পাতালৰ চিকিৎসকে।

SOURCE: https://assamtimespost.com/?p=15568

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.