Rupaliparda.com
কি দৰে কৰিছে ৰিংকু-বৰষাই "হুৰৈ ৰাঙলী" ত নৃত্য?? চাওঁক গীতটিৰ "Behind The Scene"- 1

কি দৰে কৰিছে ৰিংকু-বৰষাই “হুৰৈ ৰাঙলী” ত নৃত্য?? চাওঁক গীতটিৰ “Behind The Scene”-

মেছ কছাৰীসকলৰ লোকগীতৰ সুৰৰ আধাৰত কন্ঠশিল্পী ৰিংকু প্ৰিয়মে কন্ঠদান কৰা নতুন গীতটিক লৈ উৎসাহিত হৈ পৰিছে তেওঁৰ অনুৰাগী। “হুৰৈ ৰাঙলী” শীৰ্ষক এই গীতটিৰ ভিডিঅ’টি অতি সোনকালেই মুক্তি লাভ কৰিব। উল্লেখ্য যে, ইতিমধ্যে গীতটিৰ লিৰিকেল ভিডিঅ’য়ে শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সুবাসনা দত্তৰ সৈতে যুঁটীয়া ভাৱে কন্ঠদান কৰা ৰিংকু প্ৰিয়মে এই গীতটিত অভিনয় কৰিছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ সৈতে। দুয়োকে মেছ কছাৰী সকলৰ জাতীয় সাজ-পাৰ পিন্ধাও দেখিবলৈ পোৱা গৈছে উক্ত গীতটিত। “আমেৰিকা জাপান”, “অ ভনী নিৰলা” আৰু “নাজিতৰা” ৰ দৰে কেইবাটাও জনপ্ৰিয় গীতৰ পিছত চলিত বৰ্ষত ৰিংকু প্ৰিয়মৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত এইটোৱেই হৈছে প্ৰথমটো গীত।


উক্ত গীতটিৰ ভিডিঅ’ কৰিঅ’গ্ৰাফীৰ দায়িত্বত থকা উদয় শংকৰে ব্যক্তিগত ইউটিউব চেনেলত গীতটিৰ “Behind The scene” দৰ্শকক দেখুৱায়। গীতটিক লৈ উৎসাহিত হৈ থকা দৰ্শকক উদয় শংকৰৰ এই ভিডিঅ’টোৱে কিছু সকাহ দিছে বুলি ক’ব পৰা যায়। “হুৰৈ ৰাঙলী” ৰ কথা পুনম নাথৰ লগতে ইয়াত সংগীত দিছে দীপকেশ বৰগোঁহাইয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.