Rupaliparda.com
নতুন ছবি "জানমণি ২০২০" ৰ টিজাৰ মুক্তিঃ 1

নতুন ছবি “জানমণি ২০২০” ৰ টিজাৰ মুক্তিঃ

আকৌ এবাৰ এখন নতুন ছবিৰ সংযোজন অসমীয়া ছবি জগতত। বিগত কিছু সময়ৰ পৰা অসমীয়া ছবিয়ে সফলতাৰ ছিৰি বগাবলৈ সুবিধা লাভ কৰিছিল; এনেক্ষেত্ৰতেই অসমীয়া নতুন ছবিক লৈ উৎসাহিত হৈ পৰে অসমীয়া চলচিত্ৰ প্ৰেমী। এখন নতুন ছবি “জানমণি ২০২০” য়ে চলিত বৰ্ষৰ এপ্ৰিলৰ ৩ তাৰিখে লাভ কৰিব মুক্তি।

নতুন ছবি "জানমণি ২০২০" ৰ টিজাৰ মুক্তিঃ 2


বিষ্ণুজ্যোতি সন্দিকৈৰ কাহিনী, চিত্ৰনাট্য তথা সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনত দৰ্শকে দেখিবলৈ পাব কেইবাগৰাকীও নতুন শিল্পীক। ইতিমধ্যে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰৰ লগতে ছবিখনৰ টিজাৰ মুকলি কৰি দিয়া হৈছে। ৰোমান্টিক কাহিনী সন্নিৱিষ্ট “জানমণি” ত কেইবাটাও মিউজিক ভিডিঅ’ত অভিনীত দীপজ্যোতি মহন্তৰ এইখনেই হ’ব তেওঁৰ অভিনয় জীৱনৰ প্ৰথমখন ছবি। ইয়াৰ লগতে,ছবিখনত অভিনয় কৰিছে দিগাংগনা বৰা আৰু দীপাংকৰ মহন্তই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform