Rupaliparda.com
বলীউডৰ শিল্পীৰ সৈতে আইমী বৰুৱাৰ ফটোঃ চৰ্চিত চচিয়েল মিডিয়াত- 1

বলীউডৰ শিল্পীৰ সৈতে আইমী বৰুৱাৰ ফটোঃ চৰ্চিত চচিয়েল মিডিয়াত-

অসমীয়া জনপ্ৰিয় অভিনেত্ৰী সকলৰ ভিতৰত জনসাধাৰণৰ হিট লিষ্টত থকা এগৰাকী অভিনেত্ৰী হৈছে আইমী বৰুৱা। বিগত কেইবাদিনো ধৰি বিভিন্ন বিষয়ক উদ্দেশ্যি তেওঁ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল; সেয়া লাগিলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত আগ-ভাগ নোলোৱাক লৈয়ে হওঁক নাইবা ফিল্মফেয়াৰ অনুষ্ঠানত বিহুক বিকৃত কৰাৰ ক্ষেত্ৰতেই হওঁক। মুঠতে, জনসাধাৰণৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ থাকে এইগৰাকী অভিনেত্ৰী। কিন্তু এইবাৰ তেওঁৰ দুখন ফটো আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে দৰ্শকৰ। সমান্তৰালকৈ, ফটো দুখন ভাইৰেলো হৈ পৰিছে চচিয়েল মিডিয়াত।


বেংগালুৰু ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলত উপস্থিত হৈ অভিনেত্ৰী আইমীয়ে বলীউডৰ কেইবাজনো জনপ্ৰিয় শিল্পীক লগ কৰাৰ লগতে তেওঁলোকৰ সৈতে একোখন ফটোও শ্বেয়াৰ কৰে চচিয়েল মিডিয়াত। এই খিনিতে, তেওঁ এখন এনে ফটো শ্বেয়াৰ কৰে য’ত তেওঁৰ সৈতে দেখিবলৈ পোৱা যায় মহেশ বৰ্মন মাঞ্জেকাৰ আৰু এন. চন্দ্ৰাক। তেওঁলোকৰ সৈতে উঠা ফটোখন আপলোড কৰি তেওঁ কেপছন দিয়ে যে, “বিখ্যাত পৰিচালক, অভিনেতা, লিখক, প্ৰযোজক Mahesh Varman Manjekar ji য়ে মই পিন্ধি থকা আইমী লকেটটো দেখি সুধিলে; “এইটো কি ভাষা?” মই গৌৰৱেৰে ক’লো যিটো ভাষাত মই সপোন দেখো…অসমীয়া”। উক্ত কেপছনটিয়ে এতিয়া আকৰ্ষিত কৰিছে তেওঁৰ অনুৰাগীক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.