Rupaliparda.com
ভাইৰেল ভিডিঅ'ক লৈ প্ৰতিক্ৰিয়া দেখুৱালে য়ামীয়েঃ 1

ভাইৰেল ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়া দেখুৱালে য়ামীয়েঃ

বলীউড অভিনেত্ৰী য়ামী গৌতমে অসমীয়া সংস্কৃতিৰ প্ৰতি সন্মান দেখুৱাই টুইট যোগে এক পোষ্ট কৰে। ৰবিবাৰে মুম্বাইৰ পৰা আহি গুৱাহাটী বিমানবন্দৰত যেতিয়া অভিনেত্ৰী য়ামী উপস্থিত হৈছিল তেতিয়া তেওঁক অসমীয়া গামোচা পিন্ধাবলৈ খোজাত তাক অমান্য কৰা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত। যোৱা কালি অনুষ্ঠিত “মাৰাথন দৌৰ” অনুষ্ঠানৰ বাবে গুৱাহাটীত উপস্থিত হৈছিল য়ামী। তেনেতে, তেওঁ অসমীয়া গামোচাক অসন্মান কৰা দৰে এক ভিডিঅ’ ভাইৰেল হোৱাৰ ফলত বহুতে তেওঁক কটু বাক্য কোৱাও দেখিবলৈ পোৱা গৈছিল।

ভাইৰেল ভিডিঅ'ক লৈ প্ৰতিক্ৰিয়া দেখুৱালে য়ামীয়েঃ 2


কিন্তু, এই সকলোবোৰৰ মাজতেই অভিনেত্ৰী য়ামীয়ে দুটা টুইট কৰি নিজৰ কথা ব্যক্ত কৰে। তেওঁ কয় যে, “মই নিজ আত্মৰক্ষাৰ বাবেহে এই কাম কৰিছিলো। কোনো অজ্ঞাত পুৰুষৰ পৰা কোনো ধৰণৰ বস্তু গ্ৰহণ কৰাটো কেতিয়াবা অসুবিধাজনক হয়।” ইয়াৰ লগতে, অভিনেত্ৰী গৰাকীয়ে অসমীয়া সংস্কৃতিৰ প্ৰতি সন্মান জনাওঁ বুলি কৈয়ো এক টুইট পোষ্ট কৰে। আছলতে, অভিনেত্ৰী গৰাকী যেতিয়া বিমান বন্দৰৰ পৰা বাহিৰ ওলাই আহিছিল তেতিয়া তেওঁৰ ওচৰত হঠাতে এজন যুৱক আহি গামোচা পিন্ধাব খুজিছিল; যাক য়ামিয়ে গ্ৰহণ কৰা নাছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.