Rupaliparda.com
মুক্তি পালে "সূৰ্য়ৱংশী" ৰ ট্ৰেইলাৰঃ 1

মুক্তি পালে “সূৰ্য়ৱংশী” ৰ ট্ৰেইলাৰঃ

ৰোহিট চেট্টীৰ দ্বাৰা শেহতীয়াকৈ নিৰ্মিত ছবি “সূৰ্য়ৱংশী” ৰ ইতিমধ্যে মুকলি কৰা হ’ল ট্ৰেইলাৰ। ট্ৰেইলাৰটোত ছবিখনৰ এক সুক্ষ্ম আভাষ দিয়া হৈছে। য’ত দেখুওৱা হৈছে যে অক্ষয় কুমাৰ এনে এজন আৰক্ষী বিষয়া যিগৰাকীয়ে নিজ দেশৰ বাবে যিকোনো কামেই কৰিব পাৰে। ট্ৰেইলাৰটোৰ শেষত “সিংঘম” আৰু “সিম্বা” অৰ্থাৎ ৰণৱীৰ সিং আৰু অজয় দেৱগণক দেখিবলৈ পোৱা গৈছে। ট্ৰেইলাৰটো উপভোগ কৰা পিছতেই বৰ্তমান ছবিখনক লৈ উৎসাহিত হৈ পৰিছে দৰ্শক সকলো।

মুক্তি পালে "সূৰ্য়ৱংশী" ৰ ট্ৰেইলাৰঃ 2


ট্ৰেইলাৰ মুক্তি অনুষ্ঠানৰ পিছতেই ছবিখনক উদ্দেশ্যি প্ৰশংসা কৰা দেখিবলৈ পোৱা গ’ল ছবি সমালোচক তৰণ আদৰ্শক। দৰ্শকক এটা চুনামীৰ বাবে অপেক্ষা কৰিবলৈও কয় সমালোচক গৰাকীয়ে। এই ছবিখনত অক্ষয় কুমাৰৰ পত্নী চৰিত্ৰ ৰূপায়ন কৰিছে অভিনেত্ৰী কেটৰিণা কাইফে। উল্লেখ্য যে,ৰোহিট ছেট্টীৰ দ্বাৰা নিৰ্মিত এইখন হৈছে তেওঁৰ আৰক্ষী বিষয়ক তেওঁৰ তৃতীয়খন ছবি।

Add comment

Leave a Reply