Rupaliparda.com
অনভিজ্ঞ শিল্পীৰ অভিনয়েৰে জনপ্ৰিয় ছবিঃ "পথেৰ পাঁচালী" 1

অনভিজ্ঞ শিল্পীৰ অভিনয়েৰে জনপ্ৰিয় ছবিঃ “পথেৰ পাঁচালী”

বঙালী বহু ছবিৰ নাম আমি নাজানো যদিও এই ছবি ক্ষেত্ৰখনত নিৰ্মিত এখন ছবিয়ে কিন্তু তেতিয়াৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই ছবিখনৰ নাম হৈছে “পথেৰ পাঁচালী”। জনপ্ৰিয় পৰিচালক সত্যজিত ৰায়ৰ প্ৰথম পৰিচালিত ছবিখনেই হৈছে “পথেৰ পাঁচালী”। বিভূতি ভূষণ বন্দোপাধ্যায়ে লিখা একে নামৰ উপন্যাসক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনত বিংশ শতিকাৰ বংগদেশৰ এটা পৰিয়ালৰ জীৱন যাত্ৰাক উপস্থাপন কৰা হৈছিল। ১১২ ৰ পৰা ১২৬ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন প্ৰস্তুতিত অধিক সময়ৰ প্ৰয়োজন হৈছিল; কিয়নো অধিক অৰ্থ সমস্যাৰ বাবে ছবিখনৰ নিৰ্মাণৰ কাম বহুবাৰ ৰখাই দিবলগীয়া হৈছিল। কম বাজেটৰ বাবে ছবিখনত অনভিজ্ঞ অভিনেতা তথা অনভিজ্ঞ শিল্পী সকলক লৈ প্ৰস্তুত কৰা হৈছিল “পথেৰ পাঁচালী”।

অনভিজ্ঞ শিল্পীৰ অভিনয়েৰে জনপ্ৰিয় ছবিঃ "পথেৰ পাঁচালী" 2


নিশ্চিন্তপুৰ নামে এখন গাঁৱৰ নিবাসী আছিল অপু আৰু তাৰ পৰিয়ালৰে কিছু ঘটনা-পৰিঘটনাক লৈয়ে সত্যজিৎ ৰায়ে নিৰ্মাণ কৰিছিল উক্ত ছবিখন। অপুৰ দেউতাক এজন শিক্ষিত পুৰোহিত হোৱা স্বত্বেও পৰিয়ালক সুখত পোহ-পাল দিব নোৱাৰে। তেওঁৰ লাজকুৰীয়া স্বভাৱটোৰ বাবে তেওঁ কেতিয়াবা নিজৰ প্ৰাপ্য ধনো বিচাৰিব নোৱাৰে নিজৰ নিয়োগকৰ্তাৰ পৰা। অপুৰ পৰিয়ালত তাৰ লগতে এজনী বায়েক দূৰ্গা, তাৰ মাক সৰ্বজয়াৰ লগতে পেহী আইতা ইন্দিৰ ঠাকুৰণ আৰু পিতৃ হৰিহৰ থাকে। সৰ্বজয়া কঠোৰতাৰ বাবে কেতিয়াবা ইন্দিৰ ঠাকুৰ অইন আত্মীয়ৰ ঘৰত থাকেগৈ। পিছত ঘটনাক্ৰমে, তেওঁ মৃত্যুক সাঁৱটি লয়। ছবিখনত ভায়েক-ভনীয়েকৰ মাজত থকা নিষ্পাপ প্ৰেমক উপস্থাপন কৰিছিল সত্যজিৎ ৰায়ে। কালক্ৰমত, ছবিখনৰ কাহিনীত দেখুৱাই যে টকাৰ অভাৱত পুৰোহিত হৰিহৰ চহৰলৈ টকা অৰ্জন বাবে গুচি যায় আৰু পত্নীক টকা লৈহে ঘৰলৈ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিয়ে।

অনভিজ্ঞ শিল্পীৰ অভিনয়েৰে জনপ্ৰিয় ছবিঃ "পথেৰ পাঁচালী" 3


হৰিহৰ যোৱাৰ পিছত সৰ্বজয়াৰ আৰ্থিক অৱস্থা আৰু অধিক বেয়া হ’বলৈ ধৰে আৰু এনে সময়তে বৰষুণত তিতি এদিন তেওঁলোকৰ একমাত্ৰ জীয়ৰী দূৰ্গাৰ জ্বৰ হয়। আৰু, এদিন ধুমুহাৰ ৰাতি দূৰ্গাৰ মৃত্যু হয়। ইয়াৰ কিছুদিন পিছতেই হৰিহৰ নিজ ঘৰলৈ চহৰৰ পৰা অনা বস্তুৰ সৈতে ঘূৰি আহে আৰু জীয়েকৰ মৃত্যুৰ খবৰ শুনি পৰিয়ালটোক লগত লৈ পুনৰ চহৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়।”পথেৰ পাঁচালী” ত থকা সৰু সৰু দৃশ্যাংশই আকৰ্ষিত কৰি তুলিছিল দৰ্শকক। অপুৰ জীৱন ভিত্তিত সত্যজিৎ ৰায়ে অপুৰ “ত্ৰিলজী চলচিত্ৰ চিৰিজৰ নিৰ্মাণ” কৰিছিল। “পথেৰ পাঁচালী” ৰ পিছৰ সত্যজিৎ ৰায়ৰ আন দুখন অপু কেন্দ্ৰিক ছবি হৈছে “অপৰাজিত” আৰু “অপুৰ সংসাৰ”। “পথেৰ পাঁচালী” ছবিখনত অভিনয় কৰিছিল কানু বন্দ্যোপাধ্যায়,কৰুণা বন্দ্যোপাধ্যায়, সূবীৰ বন্দ্যোপাধ্যায়, ৰুঙ্কি বন্দ্যোপাধ্যায়, উমা দাশগুপ্ত আৰু চুনীবালা দেৱীয়ে।

অনভিজ্ঞ শিল্পীৰ অভিনয়েৰে জনপ্ৰিয় ছবিঃ "পথেৰ পাঁচালী" 4


“পথেৰ পাঁচালী” ছবিখনে ৰাষ্ট্ৰীয়ৰ লগতে কেইবাটাও আন্তঃ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ১৯৫৫ চনত তৃতীয় ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা (স্বৰ্ণকমল) লাভ কৰাৰ লগতে বঙালী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজতকমল বঁটা লাভ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform