Rupaliparda.com
"এ গ্ৰেড" শিল্পী বীণা প্ৰসাদঃ 1

“এ গ্ৰেড” শিল্পী বীণা প্ৰসাদঃ

শ্ৰীমন্ত শংকৰদেৱৰ “পাৰিজাত হৰণ” নাটৰ সত্যভামা চৰিত্ৰটিৰ জৰিয়তে দৰ্শকৰ কাষ চপা বীণা প্ৰসাদ হৈছে অনাতাঁৰ কেন্দ্ৰৰ “এ গ্ৰেড” শিল্পী। ১৯৩২ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰাধ বীণা প্ৰসাদে ১৯৪৮ চনত উজান বজাৰৰ কাছাৰী ঘাটত স্থাপন হোৱা শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত মহিলা অভিনেত্ৰী ৰূপে যোগদান কৰিছিল। উক্ত চনটোৰ পৰাই আৰম্ভ হৈছিল অভিনেত্ৰী গৰাকী অভিনয় জীৱনৰ যাত্ৰা। ৭০০ খনৰো অধিক অনাঁতাৰ নাটকত অভিনীত বীণা প্ৰসাদক সত্য প্ৰসাদ বৰুৱা আৰু ফণী তালুকদাৰে ১০ টকা মাননিৰে অনাতাঁৰ নাটকত অভিনয়ৰ বাবে আমন্ত্ৰণ জনাইছিল। পাণবজাৰ ছোৱালী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত অভিনেত্ৰী গৰাকীয়ে চেনীকুঠি প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী ৰূপে কাম কৰাৰ উপৰিও গুৱাহাটী অনাঁতাৰ কেন্দ্ৰৰ অস্থায়ী ঘোষিকা ৰূপে কাম কৰে।

"এ গ্ৰেড" শিল্পী বীণা প্ৰসাদঃ 2


বিবাহৰ ৬ টা বছৰৰ পিছতেই বৈধব্যক সাঁৱটি ল’বলগীয়াত পৰে বীণা প্ৰসাদে। নিউ আৰ্টছ প্লেয়াৰ্ছে প্ৰযোজনা কৰা জৰ্জ বাৰ্ণাড শ্ব’ৰ “পিগমেলিয়ন” ৰ অসমীয়া অভিযোজনা “প্ৰেয়সী” ৰ দ্বাৰা ১৯৭২ চনত মঞ্চ জগতত খোজ দিয়ে এই গৰাকী অভিনেত্ৰী বীণা প্ৰসাদে। ৰত্ন ওজাৰ পৰিচালনাৰে নিৰ্মিত ধৰমবীৰ ভাৰতীৰ মূল হিন্দী নাট “অন্ধা যুগ” ৰ অসমীয়া সংস্কৰণ “অন্ধযুগ”, “মাদাৰ” অসমীয়া ৰূপ “মা” ত মূল নাৰী চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ বহুল ৰূপত প্ৰশংসা বুটলিছিল বীণাই। নিউ আৰ্টছ প্লেয়াৰচৰ দ্বাৰা নিবেদিত বিভিন্ন খন নাটকত অভিনয় কৰাৰ উপৰিও এই অভিনেত্ৰী গৰাকীয়ে দুলাল ৰয় পৰিচালিত “ফাতেমা বিবিৰ ঘৰ” তো অভিনয় কৰা সুবিধা লাভ কৰিছিল।

"এ গ্ৰেড" শিল্পী বীণা প্ৰসাদঃ 3


ইন্দুকল্প হাজৰিকাৰ “নিয়তি” ৰ দ্বাৰা প্ৰথম অসমীয়া ছবিত খোজ পেলোৱা বীণা প্ৰসাদে সূত্ৰপাত, অভিমান, প্ৰত্যাৱৰ্তন, সংকল্প, মীমাংসা তথা অদাহ্য আদি কেইবাখনো অসমীয়া ছবিত অভিনয় কৰে। ১৯৯৪ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চনগ বঁটা লাভ কৰা বীণা প্ৰসাদে ১৯৯৮ চনত অসম চৰকাৰৰ তৰফৰ লৰা লাভ কৰে আজীৱন নাট্যকৰ্মী ৰূপে সন্মান ও বঁটা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform