Rupaliparda.com
কিছু প্ৰেম-কিছু সংঘাতৰ "ৱাৰাংগনা" - 1

কিছু প্ৰেম-কিছু সংঘাতৰ “ৱাৰাংগনা” –

অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিসমূহৰ সমান্তৰালকৈ অসমীয়া চুটি ছবিসমূহেও নিজৰ বান্ধ মজবুত কৰি ৰাখিছে এই ক্ষেত্ৰখনত। ৰাষ্ট্ৰীয়-আন্তঃ ৰাষ্ট্ৰীয় ক্ষেত্ৰত এই চুটি ছবিসমূহে মনোনয়ন লাভ কৰাৰ লগতে বিজয়ী খিতাপ দখল কৰিবলৈও সক্ষম হয় । এনে চুটি ছবিৰ পৰিচালক সমূহৰ ভিতৰত নৱ-প্ৰজন্মৰ এগৰাকী পৰিচালক হৈছে মানৱ জ্যোতি বৰুৱা। পূৰ্বতে এই গৰাকী পৰিচালকৰ দ্বাৰা নিৰ্মিত চুটি ছবি “অপৰাহ্ন” য়ে লাভ কৰিছিল দৰ্শকৰ বহুল সঁহাৰি। বৰ্তমান তেওঁ আন এক নতুন কনচেপ্টৰ সৈতে নিৰ্মাণৰ প্ৰয়াস চলাইছে আন এখন চুটি ছবি; নাম “Vārāṅganā”। ইয়াৰ অসমীয়া প্ৰতিশব্দ হৈছে “ৱাৰাংগনা”। “ৱাৰাংগনা” শব্দটোক লৈয়ে নিৰ্মিত এই চুটি ছবিখনে নিশ্চয় আপোনালোকৰো মনত এক কাহিনীৰ উপস্থাপন কৰিছে।

কিছু প্ৰেম-কিছু সংঘাতৰ "ৱাৰাংগনা" - 2


কিন্তু; আছলতে সেইবোৰ একোৱে নাই এই ছবিখনত। “ৱাৰাংগনা” বুলি ক’লেই হয়টো সকলো জনসাধাৰণৰ মনলৈ অহা এখন সচৰাচৰ প্ৰতিচ্ছবি এই ছবিখনত নাই। ইয়াৰ পৰিৱৰ্তে ইয়াত থাকিব ব্যতিক্ৰমী কাহিনীৰ উপস্থাপন। উক্ত চুটি ছবিখনত সংগীত দিছে জনপ্ৰিয় শিল্পী ইপ্সন লাল বৰুৱাই। লগতে, ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে অলপতে “বৰনদী ভঁটিয়ায়” ছবিখনত কৰা অভিনয়ৰে জনপ্ৰিয় হৈ উঠা অভিনেত্ৰী দৰথী ভৰদ্বাজে। ইয়াৰ লগতে, ছবিখনত অইন চৰিত্ৰত অভিনয় কৰিছে কমল লোচন, মিন্টু বৰুৱা, হৰ্ষিতা মহন্ত আৰু সূদৰ্শন দত্তই। কোনো ধৰণৰ প্ৰযোজকৰ সঁহাৰি নোলোৱাকৈ চুটি ছবিখনত থকা সকলো শিল্পীয়ে নিজাববীয়াকৈ প্ৰস্তুত কৰি উলিয়াইছে “ৱাৰাংগনা” নামৰ এই চুটি ছবিখন।

কিছু প্ৰেম-কিছু সংঘাতৰ "ৱাৰাংগনা" - 3


উল্লেখ্য যে, মানৱ জ্যোতি বৰুৱাৰ দ্বাৰা পূৰ্বতে নিৰ্মিত চুটি ছবি “অপৰাহ্ন” য়ে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বিভিন্নখন চলচিত্ৰ সমাৰোহত লাভ কৰিছিল মনোনয়ন। সেই সমাৰোহ কেইখন হৈছে ক্ৰমেঃ

The Lift-Off Sessions – 2019, London, UK.

Lift-Off Global Network, First-Time Filmmaker Sessions, London, UK.

Brahmaputra Valley Film Festival- 2019, Guwahati (Top 15)

3rd Guwahati International Film Festival, 2019

Ankur Film Festival- 2019, Nashik, Maharashtra.

12th International Guwahati Film Festival, 2019.

BeBop Channel Content Festival- 2020, New York.

কিছু প্ৰেম-কিছু সংঘাতৰ "ৱাৰাংগনা" - 4

ইয়াৰ লগতে, নৱ প্ৰজন্মৰ এই গৰাকী পৰিচালক মানৱ জ্যোতি বৰুৱাই কেইবাটাও অসমীয়া গীতৰ পৰিচালনা কৰাৰ লগতে কেলেণ্ডাৰ, অস্তিত্ব আদিকে ধৰি কেইবাখনো অসমীয়া ছবিৰ সহঃ পৰিচালক তথা সহঃসম্পাদকৰ দায়িত্বও বহন কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform