ক’ৰ’ণা ভাইৰাছৰ আতংকত বৰ্তমান সমগ্ৰ পৃথিৱী। হেণ্ডৱাচ, মাস্ক তথা চেনিটাইজাৰৰ ব্যৱহাৰ কৰিছে প্ৰায় সকলোৱে। ইজনে আনজনক হাত ধোৱাৰ দিহা দিয়াৰ লগতে সুৰক্ষিত হৈ থাকিবলৈও কয়। এনে আতংকৰ ফলতেই বৰ্তমান অসম চৰকাৰে স্কুল, কলেজ, চিনেমা হ’ল, চুইমিং পুল ইত্যাদি ঠাইবোৰ চলিত মাহৰ ২৯ তাৰিখলৈ বন্ধ কৰি ৰখাৰ দিহা দিয়ে। সমান্তৰালকৈ, ক’ৰ’ণা ভাইৰাছক লৈ ল’বলগীয়া সাৱধনতাৰ বোৰ বৰ্তমান চিলেব্ৰটী সমূহেও জনসাধাৰণলৈ বিভিন্ন ভিডিঅ’ তথা ফটো যোগে প্ৰেৰণ কৰাৰ চেষ্টা কৰিছে। বলীউডৰ লগতে জলীউডৰ চিলেব্ৰেটী সমূহেও কৰা এনে প্ৰচেষ্টাই জনসাধাৰণৰ প্ৰশংসা লাভ কৰিবলৈও সক্ষম হৈছে। এনেক্ষেত্ৰতে, এগৰাকী অসমীয়া জনপ্ৰিয় অভিনেত্ৰীৰ পুত্ৰ সন্তানে নিজ সৰু ভনীয়েকক দিছে ক’ৰ’ণা ভাইৰাছৰ জ্ঞান। আইমীৰ বৰুৱাৰ সন্তানৰ এই ভিডিঅ’টোত এতিয়া ভাতৃ দায়িত্বৰ আভাস লাভ কৰিছে জনসাধাৰণে।

বাথৰুমত সোমাই চাবোনেৰে হাত ভৰি ধুই থকা দেখিবলৈ গৈছে আইমীৰ দুই সন্তানক। তেনেতে, তেওঁৰ পুত্ৰ বীৰে ভনীয়েকক ক’ৰ’ণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ ভালকৈ হাত ভৰি ধোৱাৰ দিহা দিয়ে। উক্ত ভিডিঅ’টো আপলোড কৰি অভিনেত্ৰী আইমীয়ে তেওঁৰ পুত্ৰ ইমান ডাঙৰ হোৱাৰ উপৰিও ভনীয়েকক জ্ঞান দিব পৰা পুত্ৰক লৈ বহুত বেছি গৌৰম্বান্বিত বুলি কেপচন দিয়ে। উল্লেখ্য যে,বিভিন্ন অনুষ্ঠানত মূখ্য অতিথি ৰূপে উপস্থিত থকা আইমী বৰুৱাক অনুষ্ঠিত প্ৰতিযোগিতা সমূহত বিচাৰকৰ আসনতো দেখিবলৈ পোৱা যায়।

জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা নিজ অভিনয়ৰ বাবে বহুল ৰূপত প্ৰশংসা লাভ কৰে যদিও তেওঁক প্ৰায়ে চচিয়েল মিডিয়াত ট্ৰোল কৰাও দেখিবলৈ পোৱা যায়। বিগত দিনত “কা” বিৰোধী আন্দোলনত অংশ নোলোৱাৰ ফলত তেওঁক বিভিন্ন জনে চচিয়েল মিডিয়াত কটু বাক্য শুনাইছিল লগতে কিছু দিন পূৰ্বে অনুষ্ঠিত ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত আইমীয়ে বিকৃত বিহু নচা বুলি কৈয়ো তেওঁক বহুলোকে ট্ৰোল কৰে। উল্লেখ্য যে, “বিধাতা” ধাৰাবাহিকখনৰ সমাপ্তিৰ পিছত কেইবাটাও মিউজিক ভিডিঅ’ত দেখিবলৈ পোৱা আইমী বৰুৱাক আগন্তুক দিনত অসমীয়া ছবি “যাযাবৰ” ত দেখিবলৈ পোৱা যাব। ড° ভূপেন হাজৰিকাৰ জীৱন কাহিনীক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে এই ছবিখন।
Add comment