Rupaliparda.com
বাবুক সমৰ্থন জনালে হাৰ্টথ্ৰৱ জুবিন গাৰ্গঃ অসুস্থতাৰ পিছতো ক'লে ""If possible Save A Life" 1

বাবুক সমৰ্থন জনালে হাৰ্টথ্ৰৱ জুবিন গাৰ্গঃ অসুস্থতাৰ পিছতো ক’লে “”If possible Save A Life”

জুবিন গাৰ্গে কৰিলে বাবু বৰুৱাক সমৰ্থন। জুবিন গাৰ্গৰ অসুস্থতাৰ পিছত কেইদিন মানলৈ জিৰণি লোৱাৰ পৰামৰ্শ দিছিল তেওঁক চিকিৎসকে। ইয়াৰ পিছতো বাবুৰ পদক্ষেপক সমৰ্থন জনায় জুবিন গাৰ্গে এক ভিডিঅ’যোগে কৰিলে বাবুৰ প্ৰশংসা। ১৯৭০ চনত জন্মগ্ৰহণ কৰা বাবুৰ প্ৰকৃত নাম হৈছে কুমুদ বৰুৱা। পাণ্ডু কলেজৰ পৰা বিজ্ঞান বিষয়ত স্নাতক লাভ কৰা বাবুয়ে “গীত” নামৰ এলবামটিৰ পৰা সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল। উক্ত এলবামটিত বাবুৰ সৈতে কন্ঠদান কৰিছিল ভগৱান পাঠক আৰু শান্তা উজীৰে। ইয়াৰ পিছত, বাবুৰ এজন বন্ধুৱে তেওঁক আজাৰা বিহু ফাঞ্চনত গীত পৰিৱেশন কৰিবলৈ কয় আৰু তেতিয়াৰ পৰাই এই ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰে বাবু। ৰ’দ, লখিমী, ৰহেদৈ, বাবুৰ ঠিকনা আৰু পেডেল মাৰি মাৰি ইত্যাদি বিভিন্ন খন মিউজিক এলবামৰ নিৰ্মাণ কৰে বাবুয়ে।


বৰ্তমান ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰা বাবুয়ে অলপতে আৰম্ভ কৰা সামাজিক দায়বদ্ধতাৰ কামো উল্লেখনীয়। গাঁৱৰ চুকে-কোণে থকা পৰিয়াল সমূহে যিসমূহ লাগতিয়াল ঔষধ যোগান ধৰিব নোৱাৰে অথবা তেওঁলোকৰ তাত যিসমূহ ঔষধি দ্ৰৱ্য পোৱা নাযায় সেইসমূহ যোগানৰ ব্যৱস্থা কৰিছে বৰ্তমান কন্ঠশিল্পী বাবুয়ে। “If possible Save A Life” শীৰ্ষক বাবুৰ এই কাৰ্যসূচীক বৰ্তমান জুবিনৰ লগতে সঁহাৰি জনাইছে তেওঁৰ অনুৰাগীয়ে।

বাবুক সমৰ্থন জনালে হাৰ্টথ্ৰৱ জুবিন গাৰ্গঃ অসুস্থতাৰ পিছতো ক'লে ""If possible Save A Life" 2


আপোনালোকক জনাই থওঁ যে, কোনো ধৰণৰ বিতৰ্কই চুব নোৱাৰা বাবু বিগত বৰ্ষত ৰাইজৰ দোষী হৈ পৰিছিল। তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত গীত “মাজুলী গাভৰু” ক লৈ ক্ষোভিত হৈছিল সাধাৰণ জন। উক্ত গীতটিত সত্ৰীয়া সংস্কৃতিক বিকৃত ৰূপ দিয়া বুলি মন্তব্য কৰাৰ পিছতেই কন্ঠশিল্পীগ গৰাকীক নিষিদ্ধ কৰা হৈছিল মাজুলীত প্ৰৱেশৰ পৰা। অৱশেষত গীতটিক লৈ বাবুয়ে ক্ষমা বিচৰাৰ লগতে গীতটিৰ ভিডিঅ’ ইউটিউবৰ পৰাা ডিলিট কৰি নতুন ৰূপত উপস্থাপন কৰা হৈছিল। ইয়াৰ পিছতেই বাবুৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত গীতসমূহত ভিউৱাৰচৰ সংখ্যা অধিক হোৱা লগতে ই শ্ৰোতাক মনোৰঞ্জন কৰাবলৈও সক্ষম হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform