বিগত বহু সময়ৰ পৰা বলীউডৰ কিং শ্বাহৰুখ খানৰ আহিবলগীয়া ছবিক লৈ অপেক্ষা কৰিছে অভিনেতাগৰাকীৰ বহু অনুৰাগীয়ে। লগতে, তেওঁৰ আগন্তুক কি ছবি আহিব তাক লৈয়ো বিভিন্ন জনে বিভিন্ন ধৰণৰ কমেন্ট কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু, যদিও কিং শ্বাহৰুখ খানে কোনো ধৰণৰ ছবিত এতিয়ালৈ অভিনয় কৰা নাই তৎস্বত্বেও তেওঁ কেইবাখনো ছবি প্ৰযোজনা কৰিছে। এনে পৰিপ্ৰেক্ষিততে, শ্বাহৰুখ খানে আকৌ এখন ছবি প্ৰযোজনা কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে; যিখন বিহাৰস্থিত মুজ্জাফাৰপুৰৰ “শেল্টৰ হোম”; ত বলাৎকাৰ হোৱা কিছু নাবালিক ছোৱালীৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব। এই ছবিখনৰে প্ৰযোজনা কৰিব শ্বাহৰুখ খানে।

উল্লেখ্য যে, এই ছবিখনৰ পৰিচালনা কৰিব “সুভাষ চন্দ্ৰ বোস” নামৰ শ্ব’ তথা চন্ ২০১৭ ত মুক্তি লাভ কৰা ছবি “মৰুণ” ৰ পৰিচালক পুলকিত বেনাৰ্জীয়ে। বিভিন্ন গৱেষণা কৰাৰ অন্তত পুলকিতে এই ছবিখনৰ স্ক্ৰীপ্ট লিখিছে লগতে উক্ত ছবিখনত তেওঁ এজন সাংবাদিকৰ চৰিত্ৰ ৰূপায়ন কৰিব। জুলাইৰ পৰা শ্বুটিং আৰম্ভ হ’বলগীয়া এই ছবিখনত কোন কোন কলা-কুশলী থাকিব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই। আপোনালোকক জনাই থওঁ, চচিয়েল চাইন্স ইনষ্টিটিউটৰ চচিয়েল অ’ডিটত মুজ্জাফাৰপুৰৰ এটা শেল্টৰ হোমত থকা কেইবাগৰাকীও নাবালিকক ধৰ্ষণ কৰাৰ কথা সমুখলৈ আহিছিল আৰু এই বিষয়টোৱে পিছলৈ নেশ্বনেল মিডিয়াত বহুল প্ৰচাৰ লাভ কৰে।

ইয়াৰ লগতে, ১৯৬৫ চনত জন্মগ্ৰহণ কৰা শ্বাহৰুখ খানে ৰোমাণ্টিক কাহিনীকে ধৰি একচন থ্ৰীলাৰলৈ প্ৰায় ৭২ খন ছবিত অভিনয় কৰিছে। ২০০৫ চনত ভাৰত চৰকাৰে “পদ্মশ্ৰী” বঁটাৰে সন্মানিত কৰা শ্বাহৰুখ খানে “দীৱানা” ছবিখনৰ পৰা ছবি ক্ষেত্ৰখনত খোজ দিয়ে। মন কৰিবলগীয়া যে, শ্বাহৰুখ খান অভিনীত প্ৰায় ১১ খন ছবিয়ে ১০০ কোটি টকীয়া বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হয়। ১৯৯৪ চনৰ পৰা ২০১১ লৈ তেওঁক ৮ বাৰকৈ ফিল্মফেয়াৰত সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ লাভ কৰে।
Add comment