ক’ৰ’ণা ভাইৰাছৰ বাবে বন্ধ কৰা হ’ল আগন্তুক বৰদৈছিলা থিয়েটাৰৰ সকলোবোৰ কাৰ্যক্ৰম। চীনৰ উহান অঞ্চলত থকা এখন মাছ-মাংসৰ বজাৰ; যি বজাৰত প্ৰায় ৫০ বিধতকৈ অধিক জীৱিত ও মৃত প্ৰাণীৰ মাংস পোৱা যায় তাকেই এই ভয়ানক “ক’ৰ’ণা ভাইৰাছ” ৰ উৎপত্তিস্থল বুলি কোৱা হৈছিল। বৰ্তমান মানুহৰ পৰা মানুহৰ গালৈ অহা এই সংক্ৰামক ভাইৰাছবিধৰ আগ্ৰাসনত সোমাই পৰিছে ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ লোক। গতিকে, ই কেওঁফালে সৃষ্টি কৰি তুলিছে সন্ত্ৰাসৰ। জনসাধাৰণক হাত ধুবলৈ পৰামৰ্শ দিয়াৰ উপৰিও চৰ্দি কাঁহ হ’লে তৎক্ষণাত চিকিৎসকৰ কাষ চপাৰ পৰামৰ্শ দিছে এতিয়া প্ৰত্যেকেই। ক’ৰ’ণা ভাইৰাছৰ বাবে অসম চৰকাৰৰ পৰামৰ্শনুসৰি বন্ধ কৰি ৰখা হৈছে বিভিন্ন শিক্ষানুষ্ঠান, চপিং মল তথা চুইমিং পুল। এই ভাইৰাছ বিধৰ ফলত বাতিল কৰা হৈছে বিভিন্ন অনুষ্ঠান আৰু এনেক্ষেত্ৰত ক’ৰ’ণা ভাইৰাছৰ পৰা এতিয়া বাছি যাব পৰা নাই থিয়েটাৰ গোষ্ঠীও।


ক’ৰ’ণা ভাইৰাছৰ ফলত বাতিল কৰা হৈছে বৰদৈছিলা থিয়েটাৰৰ সকলো কাৰ্যক্ৰম। থিয়েটাৰৰ সৈতে জড়িত জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাই এক ইনষ্টাগ্ৰাম পোষ্ট যোগে এই কথা জনায় দৰ্শকক। ইয়াৰ সমান্তৰালকৈ তেওঁ ক্ষমাও খোজে অনুষ্ঠিত হ’বলগীয়া বিভিন্ন ঠাইৰ উদ্যোগতা তথা দৰ্শক সকলক। বৰদৈছিলা থিয়েটাৰৰ প্ৰযোজককে ধৰি কলা-কুশলী ক্ৰমে, নজৰুম ইছলাম, অভিজিৎ ভট্টাচাৰ্য, মৃদুল ভূঞা, অজয় ফুকন, অসীম গগৈ, প্ৰদীপ দাস, ফাকৰুল ইছলাম আৰু হেমন্তী দেউৰীক পোষ্ট যোগে ধন্যবাদো জ্ঞাপন কৰে অভিনেত্ৰী গৰাকীয়ে। উল্লেখ্য যে, বৰদৈছিলা থিয়েটাৰত অন্তৰ্ভূক্ত নাট “মহীয়সী”, “মনে বিচাৰে মৰম”, “মৰমৰ বান্ধৱী বিদায় দিয়া” আদিয়ে ইতিমধ্যে দৰ্শকক আকৰ্ষিত কৰি তুলিছিল।

কেইবাটাও জনপ্ৰিয় গীত ক্ৰমে “অ’টোৱালা মই”, “এজনী ছোৱালীৰ প্ৰেমতে পৰিলোং” ইত্যাদিত অভিনীত অভিনেত্ৰী গৰাকীয়ে “ধম ধমা ধম”, “মিডনাইট চং” তথা “ডেউকা… দা উইংচ” ত অভিনয় কৰিছে। বি বৰুৱা কলেজৰ হায়াৰ ছেকেণ্ডাৰী আৰু আৰ্য্য কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা অভিনেত্ৰী গৰাকীয়ে সৰুতে “অঘৰী অঞ্জনা” নাটকখনৰ পৰাই আৰম্ভ কৰিছিল নিজৰ অভিনয় জীৱন আৰু স্নাতক লাভ কৰাৰ পিছতেই তেওঁ সম্পূৰ্ণ ৰূপে সোমাই পৰিছিল ৰাজশ্ৰী থিয়েটাৰৰত। উল্লেখ্য যে, কল্পনা কলিতাই বিগত বছৰে তেওঁৰ ছবি “মিডনাইট চং” ৰ বাবে ইণ্ডিয়া ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল অৱ আছামত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপত মনোনয়ন লাভ কৰিছিল।
Add comment