Rupaliparda.com
বৰ্তমান অৱস্থাক কেন্দ্ৰ কৰি ২০১১ চনত নিৰ্মিত এখন ছবিঃ 1

বৰ্তমান অৱস্থাক কেন্দ্ৰ কৰি ২০১১ চনত নিৰ্মিত এখন ছবিঃ

বৰ্তমান সময়ছোৱাত জনপ্ৰিয় হৈ পৰিছে এখন ছবি। চচিয়েল মিডিয়াত প্ৰায় প্ৰত্যেকেই ছবিখনৰ ইউটিউব লিংক তথা ইয়াৰ পোষ্টাৰ শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। এইখন হৈছে Soderbergh পৰিচালিত চাইফিক চিনেমা CONTAGION। বৰ্তমান পৰিপ্ৰেক্ষিতত সমগ্ৰ পৃথিৱীয়ে সন্মুখীন হৈ থকা “ক’ৰ’ণা ভাইৰাছ” ৰ পৰিস্থিতিয়ে সন্ত্ৰাসগ্ৰস্ত কৰি তুলিছে জনসাধাৰণক। আৰু, এনে এবিধ ভাইৰাছক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছিল ২০১১ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন। ২০২০ চনলৈ ৱাৰ্নাৰ ব্ৰাডাছৰ চিনেমাসমূহৰ তালিকাত এই ছবিখনক দ্বিতীয় সৰ্বাধিক দৰ্শকে উপভোগ কৰাৰ উপৰিও আই টিউনৰ ৰেন্টেড মুভিৰ তালিকাৰ চতূৰ্থ স্থান দখল কৰিছে এই ছবিখনে।

বৰ্তমান অৱস্থাক কেন্দ্ৰ কৰি ২০১১ চনত নিৰ্মিত এখন ছবিঃ 2


এই ছবিখন চোৱাত ব্যস্ত হৈ পৰিছে এতিয়া বহু সংখ্যক দৰ্শক। ৯ বছৰৰ পিছত হঠাৎ ছবিখনৰ এনে জনপ্ৰিয়তা কিয়?? আপোনালোকৰো মনত নিশ্চয় এই প্ৰশ্নৰে উদ্ভৱ হৈছে। আছলতে, বৰ্তমান সময়ত ক’ৰ’ণা ভাইৰাছৰ ফলত হোৱা পৰিস্থিতিসমূহৰ দৰেই একে পৰিস্থিতিৰ উপস্থাপন কৰা হৈছিল এই ছবিখনত। মাকাউস্থিত এখন হোটেলত বাদুলী আৰু গাহৰিৰ মাংসৰ পৰা এজন ৰান্ধনীৰ গালৈ আহৈ MEV-1 নামৰ এক ভাইৰাছ; আৰু এই গৰাকী ৰান্ধনীৰ পৰাই এজনী মহিলাৰ গালৈ বিয়পে এই ভাইৰাছবিধ । পিছলৈ উক্ত ভাইৰাছবিধৰ বাবে মৃত্যু মুখত পৰে মহিলা গৰাকী। ঠিক যেনেদৰে, চীনৰ উহানত থকা মাছ-মাংসৰ বজাৰৰ পৰা এই সংক্ৰামক ক’ৰ’ণা ভাইৰাছ বিয়পা বুলি কোৱা হৈছিল। উল্লেখ্য যে, এই ক’ৰ’ণা ভাইৰাছবিধ ৰোধ কৰাৰ অৰ্থে এতিয়া অসম চৰকাৰে স্কুল, কলেজৰ পৰা আদি কৰি নগৰসমূহ, চিনেমাহ’ল, বিমানবন্দৰ, বজাৰ আদি বন্ধ ৰখাৰ পৰামৰ্শ দিয়ে।

বৰ্তমান অৱস্থাক কেন্দ্ৰ কৰি ২০১১ চনত নিৰ্মিত এখন ছবিঃ 3
বৰ্তমান অৱস্থাক কেন্দ্ৰ কৰি ২০১১ চনত নিৰ্মিত এখন ছবিঃ 4


উক্ত ছবি “CONTAGION” ত এই সংক্ৰমিত ভাইৰাছ বিধৰ আগ্ৰাসনত অহা লোকক কেনেদৰে আছুঁতীয়াকৈ ৰখা হৈছিল সেই আটাইবোৰ পুংখানুপুংখ উপস্থাপন কৰিছিল উক্ত ছবিখনত। সংক্ৰামক ৰোগ বিধৰ সৈতে মোকাবিলা কেনেদৰে কৰা হয় সেইবোৰৰো সুন্দৰ নিদৰ্শন আছে এই ছবিখনত। ইয়াত অভিনয় কৰিছে Marion Cotillard, Matt Damon, Laurence Fishbume, Jude Law আদি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে। ২০১১ চনত মুক্তি লাভ কৰাৰ পিছতেই ছবিখনে ১৩ কোটি ৬০ লাখ ইউ এছ ডলাৰৰ বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform