Rupaliparda.com
ঘৰৰ ভিতৰত আৱদ্ধ কৰীণাঃ খাইছে "মিঠা"- 1

ঘৰৰ ভিতৰত আৱদ্ধ কৰীণাঃ খাইছে “মিঠা”-

ক’ৰ’ণাৰ ভয়ত নিজক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছে বলীউড চিলেব্ৰেটীয়ে। বলীউড ছবি ক্ষেত্ৰখনত হৈ থকা সকলো ছবিৰ শ্বুটিং বাতিল কৰাৰ লগতে ছবিসমূহৰ মুক্তি তাৰিখো পিছুৱাই দিয়া হৈছে। অৱশ্যে এনেক্ষেত্ৰত বলীউড চিলেব্ৰেটী সমূহৰ কিছুয়ে জনাই দিছে যে তেওঁলোক ঘৰৰ ভিতৰতেই থাকিব। ইয়াৰ ব্যতিক্ৰম নহয় অভিনেত্ৰী কৰীণা কাপুৰো। ঘৰত বহি থকা স্বত্বেও কিন্তু নিজকে মনোৰঞ্জন কৰি ৰাখিছে অভিনেত্ৰী গৰাকীয়ে। “গাজৰৰ হালৱা” খাই থকা অৱস্থাত ফটো উঠি অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰে আৰু জনাই যে, “মিঠা আপোনাৰ পেটলৈ নহয়; মনলৈহে যায়।”

ঘৰৰ ভিতৰত আৱদ্ধ কৰীণাঃ খাইছে "মিঠা"- 2


উল্লেখ্য যে, WHO ৰ তৰফৰ পৰা হলীউডৰ লগতে বলীউডৰ কেইবাগৰাকীও তাৰকাক “ছেভ হেণ্ডচ চেলেঞ্জ” দিয়া হৈছিল। এই চেলেঞ্জৰ বাবেই দীপিকা পাডুকন আৰু অনুষ্কা শৰ্মাই একোটা ভিডিঅ’ প্ৰস্তুত কৰি জনসাধাৰণৰ মাজত বাৰ্তা প্ৰেৰণ কৰে। এটা কথা নিশ্চিত যে, ক’ৰ’ণা ভাইৰাছে বৰ্তমান সাধাৰণ জনকে নহয়; সন্ত্ৰাসগ্ৰস্ত কৰি তুলিছে চিলেব্ৰটী সমূহকো।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.