Rupaliparda.com
"ভালটো মই তোমাকে পাওঁ…But he is my bestfriend"ঃ ক্ৰমাৎ জনপ্ৰিয় হোৱা এক ভিডিঅ'- 1

“ভালটো মই তোমাকে পাওঁ…But he is my bestfriend”ঃ ক্ৰমাৎ জনপ্ৰিয় হোৱা এক ভিডিঅ’-

চচিয়েল মিডিয়াত বৰ্তমান ট্ৰেণ্ডিঙত থকা এটা ভিডিঅ’ হৈছে “ভালটো মই তোমাকে পাওঁ…But he is my bestfriend”। “হেভি বাজেট” শীৰ্ষক চেনেলটোত আপলোড হোৱা ভিডিঅ’টো এতিয়া বহুল সংখ্যাত শ্বেয়াৰ হোৱাৰ উপৰিও ইয়াত থকা কাহিনীয়ে আকৰ্ষিত কৰিছে বহু দৰ্শকক। উক্ত চেনেলটোৱে দীৰ্ঘদিনৰ পৰাই কিছুমান হাস্যৰসিক ভিডিঅ’ৰ সৃষ্টি কৰি দৰ্শকক আমোদ প্ৰদান কৰি আহিছিল। বৰ্তমানৰ এই বিজ্ঞান ভিত্তিক তথা জটিল জীৱন যাত্ৰাত হাঁহিবলৈ পাহৰা জনসাধাৰণক অকণমান হাঁহিবলৈ অৱকাশ দিছে “Heavy Budget” চেনেলটোৰ এই ভিডিঅ’ সমূহে। উক্ত চেনেলটোৰ বিভিন্ন ভিডিঅ’ত অভিনয় কৰিছে পূৰ্বতে আপোনালোকে দেখিবলৈ পোৱা “লোকেল কুংফু” ছবিখনৰ অভিনেতাক। “লোকেল কুংফু” ত কৰা অভিনয়েৰে দৰ্শকৰ হৃদয় জিনা এই অভিনেতা সমূহেই আৰম্ভ কৰিছে “Heavy Budget”


উক্ত চেনেলটোৰ বৰ্তমান জনপ্ৰিয় হৈ পৰা ভিডিঅ’ “ভালটো মই তোমাকে পাওঁ……But he is my bestfriend” ত এহাল প্ৰেমিক-প্ৰেমিকাৰ দৈনন্দিন জীৱনত ঘটা কিছু পৰিস্থিতিক হাস্যৰসিক ভাৱে উপস্থাপন কৰা হৈছে। প্ৰেমিকাৰ বেষ্ট ফ্ৰেণ্ডে এজন প্ৰেমিকক দিয়া মানসিক অশান্তিৰ পিছত শেষলৈ প্ৰেমিকে কি পদক্ষেপ গ্ৰহণ কৰিলে; এই সকলোবোৰৰ বৰ্ণনা হাস্যৰসিকভাৱে উপস্থাপন কৰা হৈছে। ভিডিঅ’টোত অভিনয় কৰিছে বেদব্ৰত বৰা, য়শাশ্ৰী ভূঞা, টনী দেউৰী বসুমতাৰী, বনী দেউৰী আৰু ল’লয়ে। ১৬ তাৰিখে মুক্তি লাভ কৰা ভিডিঅ’টোৱে ইউটিউবত দুদিনতে লাভ কৰিছে ২ লাখকতকৈও অধিক ভিউৱাৰচ।

"ভালটো মই তোমাকে পাওঁ…But he is my bestfriend"ঃ ক্ৰমাৎ জনপ্ৰিয় হোৱা এক ভিডিঅ'- 2


পূৰ্বতে, টনী আৰু বনী দেউৰীক দেখিবলৈ পোৱা গৈছিল কেনী বসুমতাৰী পৰিচালিত ছবি “লোকেল কুংফু” আৰু “লোকেল কুংফু ২” ত। ২০১৩ চনত মুক্তি লাভ কৰিছিল ছবিখনৰ প্ৰথমটো সংস্কৰণ আৰু ইয়াৰ দ্বিতীয়টো সংস্কৰণ মুক্তি লাভ কৰিছিল ২০১৭ চনত। কম টকীয়া বাজেটেৰে নিৰ্মিত এই ছবি দুখনে দৰ্শকক আমোদ দিয়াৰ উপৰিও ছবিখনৰ সংলাপ বহু দিনলৈ দৰ্শকৰ মুখে মুখে শুনিবলৈ পোৱা গৈছিল। “লোকেল কুংফু” ছবিখনৰ বাজেট আছিল ৯৫ হাজাৰ টকা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform