Rupaliparda.com
"প্ৰজেক্ট বৰগীত" ৰ দ্বিতীয়টো সংস্কৰণক লৈ সাজু অসমীয়াঃ 1

“প্ৰজেক্ট বৰগীত” ৰ দ্বিতীয়টো সংস্কৰণক লৈ সাজু অসমীয়াঃ

আৰম্ভ হ’ল “প্ৰজেক্ট বৰগীত” ৰ দ্বিতীয়টো সংস্কৰণৰ প্ৰস্তুটি। ইতিমধ্যে ইয়াৰ “চেপটাৰ-১” য়ে লাভ কৰিছিল দৰ্শকৰ বহুল সমাদৰ। অনুৰাগ শইকীয়াৰ এই প্ৰচেষ্টাত গুণমুগ্ধ হৈ পৰিছিল বহু অসমীয়া।ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বৰগীতক চিনাকী কৰোৱাই দিয়া যিটো প্ৰচেষ্টাত সেই প্ৰচেষ্টাত সফল ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত (ৰজত কমল) অসম সন্তান অনুৰাগ শইকীয়া। ৫-৬০০ বছৰ পূৰণি দুটিকৈ বৰগীত ক্ৰমে, “আৰে কম্পিত” আৰু “ফাগু খেলে” কোনো ধৰণৰ ফিউজন প্ৰদান নকৰি কেৱল মাত্ৰ ওৱেষ্টাৰ্ন ক্লাছিকৰ সৈতে সংলগ্ন কৰা হৈছিল। ইয়াৰে প্ৰথমটো চেপটাৰত “আৰে কম্পিত” ক ভিডিঅ’ আকাৰে উপস্থাপন কৰা হৈছিল। উক্ত ভিডিঅ’টোত বৰগীতৰ তালে তালে দৰ্শকৰ আগত দেখুওৱা হৈছিল সত্ৰীয়া সংস্কৃতি তথা সত্ৰ সমূহক ।

"প্ৰজেক্ট বৰগীত" ৰ দ্বিতীয়টো সংস্কৰণক লৈ সাজু অসমীয়াঃ 2


বৰ্তমান অনুৰাগ শইকীয়া ব্যস্ত হৈ পৰিছে তেওঁৰ দ্বিতীয়টো বৰগীত “ফাগু খেলে” অৰ্থাৎ “প্ৰজেক্ট বৰগীত” ৰ দ্বিতীয় সংস্কৰণৰ মুক্তিক লৈ। চচিয়েল মিডিয়াত অনুৰাগ শইকীয়াই এক পোষ্ট যোগে এই কথা জনায় দৰ্শক সকলক। তেওঁ কয় যে, “সুখী অনুভৱ কৰিছো যে, বিগত ১৫-২০ দিন ধৰি চচিয়েল, প্ৰিন্টেড, ইলেকট্ৰনিক মিডিয়াত “বৰগীত প্ৰজেক্ট” ক লৈ বিভিন্ন ধৰণৰ কথা লিখি থকা হৈছিল। আছলতে, এয়া আগতেই হ’ব লাগিছিল; কিন্তু কেতিয়াও নোহোৱাতকৈ হ’ল যে সেয়া ভাল। বহুত সোনকালে আহি আছে “চেপটাৰ ২”; পূৰ্বতকৈ অধিক আমোদ দায়ক হ’ব।” উল্লেখ্য যে, ২০১৯ ৰ মেছিডোনিয়াৰ ফেম প্ৰজেক্ট অৰ্কেষ্ট্ৰেল মিউজিক ৰেকৰ্ডিং ষ্টুডিঅ’ত এই বৰগীত দুটিৰ বাণীবন্ধৰ কাম সম্পূৰ্ণ কৰা হৈছিল। অনুৰাগ শইকীয়াৰ পৰিচালনাত সৃষ্ট এই প্ৰকল্পটিত বিশ্বৰ বিভিন্ন ঠাইৰ ৮০ গৰাকী সংগীত শিল্পীৰ লগতে অংশগ্ৰহণ কৰে ১৫ গৰাকী কলা-কুশলীয়ে।

"প্ৰজেক্ট বৰগীত" ৰ দ্বিতীয়টো সংস্কৰণক লৈ সাজু অসমীয়াঃ 3
"প্ৰজেক্ট বৰগীত" ৰ দ্বিতীয়টো সংস্কৰণক লৈ সাজু অসমীয়াঃ 4


১৯৮৮ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল এই গৰাকী সংগীত পৰিচালক তথা কম্পোজাৰ অনুৰাগ শইকীয়া। কটন কলেজৰ পৰা স্নাতক লাভ কৰা পিছত এই গৰাকী শিল্পীয়ে সংগীতৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰে স্বৰ্ণভূমি একাডেমী অৱ মিউজিকত। চনু নিগম, অৰিজিৎ সিঙকে ধৰি কেইবাগৰাকীও কন্ঠশিল্পীৰ সৈতে কাম কৰা এই গৰাকী শিল্পীৰ “থপ্পড়” ছবিখনৰ “এক টুকড়া ধূপ” গীতটিত কৰা কামে বৰ্তমানেও শ্ৰোতাৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ লগতে ৰাষ্ট্ৰীয় ক্ষেত্ৰতো সমাদৰ লাভ কৰা অনুৰাগ শইকীয়াৰ “প্ৰজেক্ট বৰগীত” প্ৰকল্পটোকো আৰমান মালিকে এক টুইট যোগে প্ৰশংসা কৰিছিল। মন কৰিবলগীয়া যে, অনুৰাগ শইকীয়াই প্ৰায় ৮ বাৰ বেষ্ট মিউজিক ডাইৰেক্টৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform