Rupaliparda.com
এতিয়াওঁ অসফল অসমীয়া ছবিঃ মূৰে-কঁপালে হাত দিছে পৰিচালকে- 1

এতিয়াওঁ অসফল অসমীয়া ছবিঃ মূৰে-কঁপালে হাত দিছে পৰিচালকে-

অসমীয়া ছবিয়ে হয়টো এতিয়াও দেখিবলৈ পোৱা নাই সফলতাৰ মুখ। হয়টো এতিয়াও ক’ৰবাত ৰৈ গৈছে খুঁট; বৰ্তমান সময়ত এজন পৰিচালকে তেওঁৰ ছবি মুক্তি দিবলৈ ভয় খাইছে। ইয়াৰ উপৰিও,”ৰত্নাকৰ” ৰ পিছত যে কোনো এখন অসমীয়া ছবিয়ে ভাল বস্ক অফিচ কালেকচন কৰা সেয়াও নিশ্চিত। মুঠতে, বৰ্তমান সফলতকৈ অসফল অসমীয়া ছবিৰ সংখ্যাহে বেছি হোৱা দেখিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিততে, যোৱা শুক্ৰবাৰে মুক্তিপ্ৰাপ্ত অসমীয়া ছবি “তুমি আৰু মই” ৰ পৰিচালকে ব্যক্ত কৰিলে নিজৰ ক্ষোভ তথা হতাশা। পৰিচালক ৰমেন গগৈৰ দ্বাৰা পৰিচালিত এই ছবিখনে বিগত শুক্ৰবাৰ অৰ্থাৎ ১৩ মাৰ্চত মুক্তি লাভ কৰিছিল আৰু তাৰ পিছতেই অসম চৰকাৰে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণক ৰুধিবলৈ সমগ্ৰ স্কুল, কলেজ, চিনেমা হ’ল ইত্যাদি বন্ধ ৰখাৰ সিদ্ধান্ত দিয়ে। ফলত; ইয়াৰ ঋণাত্মক প্ৰভাৱ পৰে ৰমেন গগৈ পৰিচালিত ছবিখনৰ ওপৰত।


উল্লেখ্য যে, বিগত বছৰে “তুমি আৰু মই” ছবিখন মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল কিন্তু সেইটো সময়ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত হোৱা “কা” বিৰোধী আন্দোলনে ছবিখনৰ মুক্তিত বাধা প্ৰদান কৰিছিল আৰু ইয়াৰ বাবেই তেতিয়াৰ সময়ত পিছুৱাই দিয়া হৈছিল ছবিখনৰ মুক্তি তাৰিখ। তাৰ পিছত, যোৱা শুক্ৰবাৰে ছবিখন মুক্তি লাভ কৰিছিল যদিও চৰকাৰৰ উক্ত সিদ্ধান্তৰ বাবে এতিয়া সৰগ ভাগি পৰিছে পৰিচালকৰ মূৰত। সাঁচতীয়া ধন তথা মাটি বন্ধকত দি ৰমেন গগৈয়ে নিৰ্মাণ কৰি উলিয়াইছিল এই ছবিখন। অসমৰ বিভিন্ন ছবিগৃহত কেৱল মাত্ৰ ৬ দিন প্ৰদৰ্শিত কৰাৰ অনুমতি লাভ কৰিছিল এই ছবিখনে; সমান্তৰাল ভাৱে হিন্দী ছবিৰ মুক্তিয়েও আছলতে কেৰুণ লগাইছে অসমীয়া ছবিৰ কালেকচনত। তেনে ক্ষেত্ৰত, হ’লবোৰো বন্ধ কৰি দিয়া ফলত বৰ্তমান কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে পৰিচালক ৰমেন গগৈ।

এতিয়াওঁ অসফল অসমীয়া ছবিঃ মূৰে-কঁপালে হাত দিছে পৰিচালকে- 2


মায়ূস প্ৰতিম চুতীয়াৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে ময়ূৰ, গৰিমা, কৌস্তুভ, পল্লৱী, গগণ, দ্বীপ, দিগন্ত, ৰাজেন, উদ্দীপ্ত, পাৰ্লি, ৰাজু, হেমন্ত আৰু বিকাশে। ছবিখন অন্তৰ্ভূক্ত গীত সমূহ লিখিছিল ৰমেন গগৈ, চয়নিকা কাকতি আৰু গীত ভৰালীয়ে লগতে গীত সমূহত কন্ঠদান কৰিছিল ৰাকেশ ৰিয়ান,চয়নিকা ভূঞা, কল্লোল বৰঠাকুৰ, দীপাংকৰ দেওঁঘৰীয়া, ৱাহিদ আক্ৰাম আৰু মনমিতা ভৰদ্বাজে। এতিয়া প্ৰশ্ন হয়, কিছুদিন পূৰ্বে অভিনেতা নয়ন নীলিমে কোৱা অনুসৰি; সঁচাকৈ অসমীয়া ছবিয়ে হেৰুৱাব নেকি ছবি চোৱাৰ পৰিৱেশ?? কোনো জনপ্ৰিয় অভিনেতা- অভিনেত্ৰী নাথাকিলে ছবি খনে নাপাব নেকি ভাল বস্ক অফিচ কালেকচন?? আপুনি কি ভাৱে?? কমেন্ট কৰি জনাওঁক আপোনাৰ মতামত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform