Rupaliparda.com
কইনা সাঁজেৰে দীপলিনাৰ "মধুলগন"- 1

কইনা সাঁজেৰে দীপলিনাৰ “মধুলগন”-

বিগত বহু দিনৰ পৰা চচিয়েল মিডিয়া ও “টিক-টক” ত এটা গীত মুক্তিৰ পূৰ্বেই জনপ্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গৈছে। গীতটিৰ বিভিন্ন ফটো তথা ভিডিঅ’ ভাইৰেলো হৈ পৰিছে বহুল ৰূপত। এই গীতটিৰ নাম হৈছে “মধুলগন”। নামটো শুনিয়ে ছাগে আপুনি ধৰিব পাৰিছে গীতটিত কোনে কন্ঠদান কৰিছে। হয়, আপুনি ঠিকেই ধৰিছে; গীতটিত কন্ঠদান কৰিছে অভিনেত্ৰী ও গায়িকা দীপলিনা ডেকাই। তেওঁৰ শেহতীয়াকৈ নিৰ্মিত এই গীতটিক লৈ উৎসাহিত তেওঁৰ অনুৰাগী। দীপলিনাৰ প্ৰায় প্ৰত্যেকটো গীত জনপ্ৰিয় হৈ পৰাৰ উপৰিও তেওঁক লৈ থকা বিভিন্ন জনৰ কমেন্টো হয় উল্লেখনীয়। ইঞ্জিনিয়াৰিং এৰি সাংস্কৃতিক ক্ষেত্ৰখনত নামি পৰা পিছতো দীপিলিনাই কেতিয়াও পিছ হুঁহকিবলগীয়া হোৱা নাই।

কইনা সাঁজেৰে দীপলিনাৰ "মধুলগন"- 2
কইনা সাঁজেৰে দীপলিনাৰ "মধুলগন"- 3


আজি অৰ্থাৎ ১৯ মাৰ্চত মুক্তিপাবলগীয়া এই গীতটিত কথা দিছে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই। লগতে গীতটিত পৰিচালনা কৰিছে পল্লৱ দত্তই আৰু “মধুলগন” ৰ ভিডিঅ’ পৰিচালনা কৰিছে শচীন বৰুৱাই। ইয়াৰ উপৰিও গীতটিত অভিনয় কৰিছে দীপলিনাৰ লগতে প্ৰণৱ প্ৰিয়াংকুশে। উক্ত গীতটিক লৈ দৰ্শক উৎসাহিত হোৱাৰ আন কাৰণো অৱশ্যে নথকা নহয়; এই গীতটিত দীপলিনাক দেখিবলৈ পোৱা যাব কইনা সাঁজেৰে লগতে হোঁমৰ গুৰিত বহি থকা দীপলিনাৰ লুকটোৱে ইতিমধ্যে নৱ প্ৰজন্মৰ বহু যুৱকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে। কিছুদিন পূৰ্বে দীপিলনাই চুমিবলৈ সক্ষম হৈছিল আন এক সফলতা; তেওঁৰ “চুই দিয়ানা” শীৰ্ষক গীতটিয়ে ইউটিউবত লাভ কৰিছিল ১০ লাখতকৈও অধিক ভিউৱাৰচ।

কইনা সাঁজেৰে দীপলিনাৰ "মধুলগন"- 4


১৯৯২ চনত জন্মগ্ৰহণ কৰা দীপলিনাই ২০১৫ চনত মুকলি কৰি দিছিল তেওঁৰ প্ৰথমটো গীত “নোৱাৰি নোৱাৰি”। এই গীতটিত যুঁটীয়াভাৱে কন্ঠদান কৰিছিল তৰুণ তন্ময়ে। এগৰাকী অভিনত্ৰী, এগৰাকী গায়িকা হোৱাৰ উপৰিও দীপলিনা এগৰাকী কথক ডেন্সাৰ। “বিন্দু” আলোচনী আৰু “শিল্পীৰ দাপোণ” কাকতৰ সৌজন্যত নাৰী দিৱসৰ দিনাই অসম ৰাজ্যিক সংগ্ৰহালয়, কনকলতা বৰুৱা প্ৰেক্ষাগৃহত এই গৰাকী শিল্পীক “কলাশ্ৰী” সন্মান প্ৰদান কৰা হৈছিল।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform