Rupaliparda.com
ক'ৰ'ণাৰ ফলত বন্ধ জিমঃ কিন্তু বন্ধই "বন্ধ" কৰা নাই ৰবিৰ প্ৰেকটিছ- 1

ক’ৰ’ণাৰ ফলত বন্ধ জিমঃ কিন্তু বন্ধই “বন্ধ” কৰা নাই ৰবিৰ প্ৰেকটিছ-

ক’ৰ’ণাৰ ফলত বন্ধ জিম; তাৰ পিছতো এগৰাকী অসমীয়া অভিনেতাই কৰিছে তেওঁৰ দৈনন্দিন জিমত কৰা প্ৰেকটিছ। আছলতে, বলীউড বা টলীউড ক্ষেত্ৰখনত বহু তাৰকা জিমলৈ গৈ তেওঁলোকে ফিটনেছৰ বাবে কেনেধৰণৰ ট্ৰেইনিং লয় আমি তেওঁলোকৰ চচিয়েল মিডিয়া একাউন্টবোৰতেই দেখিবলৈ পাওঁ। কেতিয়াবা আকৌ এই ভিডিঅ’বোৰে বাতৰিৰ শিৰোনামো দখল কৰে। কিন্তু, এইবাৰ অসমীয়া এগৰাকী অভিনেতাৰ ফিটনেছ ভিডিঅ’য়ে দৰ্শকক আকৰ্ষণ কৰাৰ লগতে উক্ত ভিডিঅ’টি ভাইৰেলো হৈ পৰিছে চচিয়েল মিডিয়াত। তেওঁৰ নাম হৈছে ৰবি শৰ্মা। অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি য’ত মানুহৰ ভিৰ হোৱা পৰিলক্ষিত হয় সেই আটাইবোৰ ঠাই ৩১ মাৰ্চলৈ বন্ধ ৰখা হ’ব; ইয়াৰ ফলতেই বন্ধ ৰখা হৈছে জিমবোৰো। কিন্তু, বন্ধয়েও যেন বন্ধ কৰিব পৰা নাই ৰবি শৰ্মাৰ ট্ৰেইনিং। অভিনেতা গৰাকীয়ে ঘৰৰ গেৰেজতে কৰিছে এই ট্ৰেইনিং।

https://www.instagram.com/p/B94GKT9HxQT/?utm_source=ig_web_copy_link


প্ৰথমতে অভিনেতা গৰাকীৰ ফেন ক্লাৱে আপলোড কৰা ভিডিঅ’টোৰ পিছত ৰবি শৰ্মাই নিজেই তেওঁৰ এটি ভিডিঅ’ আপলোড কৰি কয় যে, “মই ৩০ বছৰ আগতে য’ত ঘাম পেলাইছিলো; পুনৰ বাৰ তালৈ আহিছো। আপোনালোকক ক’বলৈ পাই সুখী যে, মই যিটো ওজন দাঙি থকা দেখিছে সেইটো মোৰ ককাই ১৯৩২ চনত তিনি টকাত কিনি আনিছিল”। এনেদৰে এটা ভিডিঅ’ আপলোড কৰি তেওঁৰ প্ৰেকটিছৰ কিছু দৃশ্যাংশ দৰ্শকক দেখুৱায়। মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত “হিয়া দিয়া নিয়া” ছবিখনৰ দ্বাৰা নিজ অভিনয় জীৱনৰ পাতনি মেলা ৰবি শৰ্মাৰ জন্ম হৈছিল ১৯৭৯ চনত। প্ৰায় ১৯ খনতকৈও অধিক অসমীয়া ছবিত অভিনয় কৰা এই অভিনেতা গৰাকী ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও জড়িত।

ক'ৰ'ণাৰ ফলত বন্ধ জিমঃ কিন্তু বন্ধই "বন্ধ" কৰা নাই ৰবিৰ প্ৰেকটিছ- 2
ক'ৰ'ণাৰ ফলত বন্ধ জিমঃ কিন্তু বন্ধই "বন্ধ" কৰা নাই ৰবিৰ প্ৰেকটিছ- 3


অসমীয়া জনপ্ৰিয় অভিনেতা সমূহৰ ভিতৰত এজন এই গৰাকী অভিনেতা ৰবি শৰ্মা বৰ্তমান ব্যস্ত তেওঁৰ আগন্তুক ছবি “ৰঘুপতি” ক লৈ। কেইবাটাও ঠাইত সুকলমে শ্বুটিং সম্পন্ন হোৱা “ৰঘুপতি” ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়ালৈ আনুষ্ঠানিক কৰা হোৱা নাই যদিও ছবিখনক লৈ উৎসাহী দৰ্শক সকল। পূৰ্বতে হৈ যোৱা সাক্ষাৎকাৰ সমূহতো ৰবি শৰ্মাই কৈছিল যে, “আমাৰ ছবি সমূূহ ভালেই হৈ আছিল কিন্তু আমি কেৱল জনা নাছিলো মাৰ্কেটিং কেনেদৰে কৰে! লগতে, এই মাৰ্কেটিং টো সমৰ্থন কৰিব পৰাকৈ কোনো ধৰণৰ অসমীয়া ছবিৰ পলিছি অৰ্থাৎ নীতি নাছিল। বৰ্তমান এনেকুৱা নাই একো; আছলতে মই ধন্যবাদ জ্ঞাপন কৰিম মাননীয় সৰ্বানন্দ সোণোৱাল চৰকাৰ খনক যে তেওঁলোকে নিজেই আগবাঢ়ি আহি এই নীতিখন প্ৰযোজ্য কৰিলে। এতিয়া আমি প্ৰায় ৪০ বছৰৰ অন্তত ক’ব পাৰো যে, আমাৰ হাতত এখন চলচিত্ৰ নীতি আছে।গতিকে,এই নীতিখনেই আমাক ছবিসমূহ মাৰ্কেট কৰাৰ সুবিধা প্ৰদান কৰিব। মাৰ্কেটৰ সৈতে জড়িত যিখিনি ছবিগৃহ,ডিষ্ট্ৰিবিউটৰ অথবা যিখিনি মিডিয়া এই আটাইবোৰক লগত লৈ এতিয়া ছবি এখনে আগবাঢ়িব পাৰিব। ফলত সকলো চিনেমাই ভাল হ’ব; আনকি মোৰ ছবিও ভাল হ’ব।”

ক'ৰ'ণাৰ ফলত বন্ধ জিমঃ কিন্তু বন্ধই "বন্ধ" কৰা নাই ৰবিৰ প্ৰেকটিছ- 4


গতিকে ফিট ৰবি শৰ্মাই কিমান দৰ্শকক আকৰ্ষণ কৰিব পাৰে সেয়া আগন্তুক সময়ত হ’ব লক্ষণীয়!

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform