Rupaliparda.com
প্ৰধানমন্ত্ৰী মোডীৰ পিছত এইবাৰ জংঘললৈ ৰজনীকান্তঃ 1

প্ৰধানমন্ত্ৰী মোডীৰ পিছত এইবাৰ জংঘললৈ ৰজনীকান্তঃ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিছত এইবাৰ তামিল ছবিৰ চুপাৰষ্টাৰ ৰজনীকান্তে কৰিব জংঘল ভ্ৰমণ। ডিস্কভাৰীৰ জনপ্ৰিয় টিভি শ্ব’ “Into The Wild” লৈ এইবাৰ অতিথি হৈ আহিব চাউথৰ চুপাৰষ্টাৰ গৰাকী। কৰ্ণাটক বান্দীপুৰ নেশ্বনেল পাৰ্কত শ্বুটিং হোৱা এই অনুষ্ঠানটোত ৰজনীকান্তৰ একেবাৰেই এক ব্যতিক্ৰমী ৰূপ দেখিবলৈ পোৱা যাব। এই শ্ব’টোৰ হোষ্ট বিয়েৰ গ্ৰীল্সৰ সৈতে ৰজনীকান্তে “Into The Wild” ত কৰিব কিছু ষ্টন্ট লগতে অভিনেতা গৰাকীয়ে নিজ জীৱনৰ বিভিন্ন কথাও খুলি কোৱা দেখিবলৈ পোৱা যাব।

প্ৰধানমন্ত্ৰী মোডীৰ পিছত এইবাৰ জংঘললৈ ৰজনীকান্তঃ 2
প্ৰধানমন্ত্ৰী মোডীৰ পিছত এইবাৰ জংঘললৈ ৰজনীকান্তঃ 3


ৰজনীকান্তে উক্ত টিভি শ্ব’টোৰ প্ৰথমতে কয় যে, “মোৰ গোটেই জীৱনটো চমৎকাৰেৰে পৰিপূৰ্ণ। যদি উদাহৰণ হিচাপে মই কওঁ তেতিয়াহ’লে ক’ব লাগিব যে মই কেতিয়াও এনে চেনেলৰ এনেকুৱা ধৰণৰ টিভি শ্ব’ ত আহিম বুলি ভৱা নাছিলো।” ইয়াৰ উপৰিও তেওঁ কয় যে, ” কিন্তু মই যেতিয়া নিজ কাম শেষ কৰি লওঁ তেতিয়া মই পাহৰি যাওঁ যে, মই ৰজনীকান্ত হওঁ। ইয়াৰ পিছত কেতিয়াবা মই শিৱাজীৰাজ হৈ পৰো। সেইটো কেৱল মাত্ৰ মোৰ কামৰ অংশ; যেতিয়া মোক কোনোবাই আহি কয় যে, আপুনি ৰজনীকান্ত হয়। তেতিয়াহে মোৰ মনত পৰে যে হা… মই ৰজনীকান্ত।” উল্লেখ্য যে, এই টিভি শ্ব’টো অহা ২৩ মাৰ্চ তাৰিখে টেলিভিছনত প্ৰচাৰ লাভ কৰিব।

প্ৰধানমন্ত্ৰী মোডীৰ পিছত এইবাৰ জংঘললৈ ৰজনীকান্তঃ 4


১৯৫০ চনত জন্মগ্ৰহণ কৰা ৰজনীকান্ত সমগ্ৰ ভাৰতৰ এগৰাকী জনপ্ৰিয় অভিনেতা। তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি “অপূৰ্ব ৰাগাংগল” ৰ দ্বাৰা। ভাৰত চৰকাৰৰ দ্বাৰা ২০০০ চনত পদ্মভূষণ লাভ কৰা এই গৰাকী অভিনেতাই ২০১৬ চনত লাভ কৰে পদ্ম বিভূষণ এৱাৰ্ড।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform