Rupaliparda.com
"ড° বেজবৰুৱা" ৰ দ্বাৰা ছবি জগতত অন্তৰ্ভূক্ত "সাধনা হাজৰিকা" ৰ বিষয়েঃ 1

“ড° বেজবৰুৱা” ৰ দ্বাৰা ছবি জগতত অন্তৰ্ভূক্ত “সাধনা হাজৰিকা” ৰ বিষয়েঃ

শিৱসাগৰত জন্মগ্ৰহণ কৰা এগৰাকী অভিনেতা হৈছে সাধন হাজৰিকা। ১৯৪০ চনত জন্মগ্ৰহণ কৰা সাধন হাজৰিকাই ১৯৭৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰাৰ লগতে বি.বৰুৱা কলেজৰ পৰা তেওঁ আই এ পঢ়ে। মঞ্চ অভিনয়ৰ প্ৰতি দূৰ্বলতা থকা বাবে তেওঁ নাটকত অভিনয় কৰাৰ সুযোগ লাভ কৰে আৰু “প্ৰগতি শিল্পী সংঘ” আৰু “শৌভিক” নাট্যগোষ্ঠীৰ লগত জড়িত হয়। ইয়াৰ পিছতেই ১৯৫৫ চনত গুৱাহাটীৰ উপৰি নগাঁও, তেজপুৰত আদি বিভিন্ন ঠাইত অসমৰ স্বনামধন্য নাট্যকাৰ সকলৰ সৈতে সাধন হাজৰিকাই অভিনয় কৰিছে। অতুল চন্দ্ৰ হাজৰিকা,প্ৰবীণ ফুকন, যুগল দাস, লক্ষ্যধৰ চৌধুৰী,অৰুণ শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ, সত্যপ্ৰসাদ বৰুৱা, প্ৰফুল্ল বৰুৱা আৰু উত্তম বৰুৱা ৰচিত নাট ক্ৰমে লাচিত বৰফুকন, পিয়লি ফুকন, মণিৰাম দেৱান, ঠিকনা,সূৰ্যস্নান, দুঃশাসন, মৃণালমাহী, শ্বাশ্বতী-ভাশ্বতী, জুয়ে পোৰা সোণ, পুৰুষ, অথেলো, বায়নৰ খোল, ছাহজাহান, মৃত্যুঞ্জয়, চতুৰংগ, উত্তৰ শূণ্য, কাৰেঙৰ লিগিৰি আদি বিভিন্ন নাটত তেওঁ অভিনয় কৰে।


প্ৰত্যেকখন নাটকত অভিনয় কৰি দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা সাধন হাজৰিকাই কেইবাখনো একাংক নাটতো অভিনয় কৰে। পিছলৈ “প্ৰগতি শিল্পী সংঘ” ৰ সাংস্কৃতিক সম্পাদকৰ দায়িত্ব লোৱা এই অভিনেতা গৰাকীয়ে “প্ৰগতি শিল্পী সংঘ” নিবেদিত “গোমধৰ কোঁৱৰ” নাটখনো পৰিচালনা কৰে। ১৯৬০ চনৰ পৰা তেওঁ গুৱাহাটী অনাঁতাৰ কেন্দ্ৰৰ এজন প্ৰতিষ্ঠিত নিয়মীয়া নাট বিভাগৰ শিল্পী ৰূপেও অংশগ্ৰহণ কৰে। সাধন হাজৰিকাই ছবিত প্ৰথম খোজ দিয়ে অসমীয়া প্ৰথমখন থ্ৰীলাৰ ছবি “ড° বেজবৰুৱা” ৰ পৰা। ১৯৬৮ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনত অভিনয় কৰি তেওঁ আনন্দও লাভ কৰিছিল। ইয়াৰ লগতে, প্ৰবীণ ফুকন আৰু লক্ষ্যধৰ চৌধুৰী পৰিচালিত “লাচিত বৰফুকন” ত সাধন হাজৰিকাই সংলাপ বিহীন এটা চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল।


কাঁচঘৰ, খোজ, সেন্দুৰ, সুৰুয, পিতা-পুত্ৰ, প্ৰভাতী পখীৰ গান, মন মন্দিৰ, প্ৰতিমা আদিৰ দৰে জনপ্ৰিয় কেইবাখনো ছবিত অভিনীত সাধন হাজৰিকাই কেইবাখনো ধাৰাবাহিকত অভিনয় কৰে। চাৰুকমল হাজৰিকাৰ হিন্দী টেলিফিল্ম “দূৰ নহী সবেৰা” ৰ উপৰি আব্দুল মজিদ পৰিচালিত টেলিফিল্ম “আজান ফকীৰ” আৰু চন্দ্ৰ নাৰায়ণ বৰুৱাৰ “গ্ৰহণান্ত” নামৰ টেলিফিল্মত সাধন হাজৰিকাই অভিনয় কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform