Rupaliparda.com
চচিয়েল মিডিয়াত আকৌ ট্ৰোল অভিষেক বচ্চন ঃ 1

চচিয়েল মিডিয়াত আকৌ ট্ৰোল অভিষেক বচ্চন ঃ

সমগ্ৰ বিশ্বতে বৰ্তমান ক’ৰ’ণা ভাইৰাছে সংহাৰী ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। এইবোৰৰ মাজতে সমূহ জনসাধাৰণে নিজকে ঘৰত আবদ্ধ কৰি ৰাখিছে যাতে এই ভাইৰাছবিধে আৰু গম্ভীৰ ৰূপ ধাৰণ নকৰক। সাধাৰণজনৰ লগতে বলীউড তথা জলীউড চিলেব্ৰেটীয়ে লোক সকলক ভাইৰাছবিধক লৈ সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায়। ইজনে আনজনৰ পৰা দূৰত থাকি পৰিস্থিতিটোক আৰু অধিক বেয়ালৈ যোৱাত বাধা প্ৰদান কৰাৰ চেষ্টা অব্যাহৰ ৰাখিছে । তেনেতে এজন লোকে চচিয়েল মিডিয়াত অমিতাভ বচ্চনৰ পুত্ৰ ও অভিনেতা অভিষেক বচ্চনক ট্ৰোল কৰাৰ চেষ্টা কৰে যদিও এই ট্ৰোলৰ সুন্দৰ প্ৰতি উত্তৰ দিয়ে অভিনেতা অভিষেকে।

চচিয়েল মিডিয়াত আকৌ ট্ৰোল অভিষেক বচ্চন ঃ 2


ট্ৰোল কৰি লোকজনে লিখিছিল যে, “মৰমৰ অভিষেক বচ্চন, এনে অশান্তৰ সময়ছোৱাত আপুনি লোকসকলক শিকোৱা প্ৰয়োজন যে ঘৰত কেনেদৰ থাকিব পাৰি! কাৰণ আপোনাৰ ওচৰত বহু দিনৰ অভিজ্ঞতা আছে।” ইয়াৰ লগতে ব্যক্তিগৰাকীয়ে লিখে যে, “কৃপা কৰি ইয়াক ধেমালি ৰূপে লওঁক, মই ব্যক্তিগতভাৱে আপোনাৰ অনুৰাগী।” এই ট্ৰোলটোকে আকৌ এবাৰ নিজ ধৰণে প্ৰতিউত্তৰ দিয়ে অভিষেকে; তেওঁ কয় যে, ” বহুত বহুত ধন্যবাদ ছাৰ, কিন্তু এতিয়া সময় নহয় কাৰোবাক লৈ ধেমালি কৰাৰ। নিজৰ লগতে নিজ পৰিয়ালৰ ধ্যান ৰাখক আৰু অইনৰ বাবে এটা ভাল উদাহৰণ হৈ ৰওঁক।”


উল্লেখ্য যে, বিভিন্ন সময়ত অভিষেক বচ্চনক তেওঁৰ অভিনয় তথা কামৰ বাবে ট্ৰোল কৰা দেখিবলৈ পোৱা যদিও এই ট্ৰোল সমূহৰ সুন্দৰ প্ৰতিউত্তৰ দিয়ে জুনিয়ৰ বচ্চনে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.