Rupaliparda.com
অসমীয়া ছবি ক্ষেত্ৰখনত কিহৰ অভাৱ?? 1

অসমীয়া ছবি ক্ষেত্ৰখনত কিহৰ অভাৱ??

অসমীয়া ছবিৰ দুই এখনে সফলতাৰ মুখ দেখিছে যদিও প্ৰায় সমূহ ছবিয়ে বৰ্তমানেও সোঁৱাদ ল’বলৈ সক্ষম হোৱা নাই লাভৰ। “কাঞ্চনজংঘা” “ৰত্নাকৰ” ৰ পিছত বহু কেইখন অসমীয়া ছবিয়ে মুক্তি লাভ কৰিছে যদিও কোনো খনেই দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই। ফলত ক্ৰমশঃ উঠি অহা অসমীয়া ছবিৰ উৰ্দ্ধগামী গ্ৰাফ ডাল তলত পৰি গৈ থকা দেখিবলৈ পোৱা গৈছে। আগন্তুক ছবিসমূহৰ ক্ষেত্ৰত দৰ্শকৰ সঁহাৰি লাভ কৰিব পাৰি বুলি আশা কৰিব পৰা যায় যদিও এয়া সম্পূৰ্ণ ৰূপে নিশ্চিত নহয়। অসমীয়া ছবি সমূহৰ অসফলতাৰ আঁৰৰ এক কাৰণ হ’ব পাৰে “চিত্ৰনাট্য” । এখন ভাল ছবিৰূপে পৰিগণিত হ’বলৈ ছবিখনত থাকিব লাগিব ভাল চিত্ৰনাট্য। ড° বেজবৰুৱা, সাৰথি, ছিৰাজ, অদাহ্য আদি কেইবাখনো ছবিৰ চিত্ৰনাট্য লেখক জাহ্নু বৰুৱা, ড° ভৱেন্দ্ৰ নাথ শইকীয়া, নিপ বৰুৱা,ব্ৰজেন বৰুৱা আদিৰ দৰে শিল্পীৰ অভাৱ বৰ্তমানেও অসমীয়া ছবিত দেখিবলৈ পোৱা যায়।

অসমীয়া ছবি ক্ষেত্ৰখনত কিহৰ অভাৱ?? 2
অসমীয়া ছবি ক্ষেত্ৰখনত কিহৰ অভাৱ?? 3


উক্ত শিল্পী সমূহে ছবি এখনৰ চিত্ৰনাট্যৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতহে ছবি নিৰ্মাণৰ কামত হাত দিয়ে কিন্তু বৰ্তমানৰ অসমীয়া ছবিসমূহত এজন এনে শিল্পীৰ অভাৱ দৰ্শকেও অনুভৱ কৰিব পাৰিছে। মহেন্দ্ৰ বৰঠাকুৰ, অমূল্য কাকতি, পবিত্ৰ কুমাৰ ডেকাৰ দৰে চিত্ৰনাট্য লেখক ছবি ক্ষেত্ৰখনৰ পৰা বিদায় লোৱাত তেওঁলোকৰ অভাৱ বৰ্তমানেও কোনো পৰিপূৰ্ণ কৰিব পৰা নাই। সেই একেধৰণে অসমীয়া ছবি ক্ষেত্ৰখনত অভিনেতা-অভিনেত্ৰীৰো বিভিন্ন সমস্যাৰ উদ্ভৱ হৈছে।

অসমীয়া ছবি ক্ষেত্ৰখনত কিহৰ অভাৱ?? 4
অসমীয়া ছবি ক্ষেত্ৰখনত কিহৰ অভাৱ?? 5


ফণী শৰ্মা,বিজু ফুকন, নিপন গোস্বামী,প্ৰাঞ্জল শইকীয়া, তপন দাস আদিৰ দৰে অভিনেতা বৰ্তমান এই ক্ষেত্ৰখনত নাই। এতিয়াৰ জনপ্ৰিয় অভিনেতা বুলি ক’লে আমি কেৱল নাম ল’ব পাৰো যতীন বৰা, ৰবি শৰ্মা, কপিল বৰাৰ। অসমীয়া ছবিত বহুতো অভিনেতা-অভিনেত্ৰীৰ জন্ম হৈছে যদিও তেওঁলোকৰ মাজত পূৰ্বৰ শিল্পী সকলৰ তদৰে দক্ষতা দেখিবলৈ পোৱা নাযায়। আগৰ যুঁটি সমূহৰ কথাই আছিল সুকীয়া যেনে ধৰক ৰবি শৰ্মা-বৰষাৰাণী, নিশিতা গোস্বামী, জেৰিফা ৱাহিদ-ৰবি শৰ্মা ইত্যাদি। কিন্তু বৰ্তমান এনে যুঁটিৰ অভাৱ। আজিৰ নৱ প্ৰজন্মই সফলতাৰ সহজ পথ বাচি লোৱাৰ ফলত এনে বিভিন্ন সমস্যাই গা কৰি উঠিছে। কেৱল নাচিব জনা সকলক অভিনেতা বুলি ক’লে আচলতে ভুল কোৱা হ’ব। এনেক্ষেত্ৰত অসমীয়া ছবিক সকলো দিশৰ পৰা উপভোগ্য কৰিব তুলিবলৈ ইয়াত থাকিব প্ৰত্যেকটো ভাল বস্তু। এনে ক্ষেত্ৰত আপুনি কি ভাৱে? কমেন্ট কৰি জনাওঁক আপোনাৰ মতামত ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform