Rupaliparda.com
"মেইড" নথকা অৱস্থাত বাছন ধুইছে কেটৰিণা-কাৰ্তিকেঃ 1

“মেইড” নথকা অৱস্থাত বাছন ধুইছে কেটৰিণা-কাৰ্তিকেঃ

ক’ৰ’ণা ভাইৰাছক ৰোধিবলৈ এতিয়া প্ৰত্যেকগৰাকী লোক সচেতন হোৱা দেখিবলৈ পোৱা গৈছে। চৰকাৰেও এনে সময়ত সকলো লোকক ঘৰৰ ভিতৰত থকাৰ আহ্বান জনাইছে। এনে সময়ত বলীউডৰ বহু তাৰকাৰ ঘৰৰ ভিতৰত থকা ভিডিঅ’ তথা ফটো চচিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে। কিন্তু এইবাৰ অন্য এক ভিডিঅ’য়ে দৰ্শকৰ মন জিনিবলৈ সক্ষম হৈছে। ঘৰৰ ভিতৰতে থকা এই সময়ছোৱাত চেলিব্ৰেটী সমূহে নিজ বাসগৃহলৈ কাম কৰিবলৈ অহা লোককো আহিবলৈ বাধা দিছে; গতিকে এনেক্ষেত্ৰত ঘৰৰ সমস্ত কাম কৰিবলগীয়া হৈছে চেলিব্ৰেটীসকলে নিজেই। উক্ত দুটা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে বি-টাউন অভিনেত্ৰী কেটৰিণা আৰু অভিনেতা কাৰ্তিক আৰিয়নক; তেওঁলোকে ঘৰত থাকি বাচন ধুই ভিডিঅ’ আপলোড কৰিছে চচিয়েল মিডিয়াত।

https://www.instagram.com/p/B-FEZmEBq73/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B-FOolXppS0/?utm_source=ig_web_copy_link


ভিডিঅ’টোত বাচন ধুই ধুইয়ে কেটৰিণাই কৈছে যে, “যিহেতু সকলোৱে বৰ্তমান নিজ ঘৰতে থকাৰ বাবে প্ৰয়াস কৰিছে গতিকে কাম কৰিবলৈ অহা “মেইড” গৰাকীও নিজ ঘৰতে আছে। এনে সময়ত মই আৰু মোৰ ভগ্নী ইজাবেলে বাচন ধোৱাৰ ইচ্ছা কৰিছো।” বাচন ধুই থকা অৱস্থাত অভিনেত্ৰী গৰাকীয়ে দৰ্শকক বাচন কেনেদৰে ধুব লাগে তাৰো শিক্ষা দিছে লগতে পানী অবাবত খৰচ নকৰিবলৈও দিহা দিয়ে অভিনেত্ৰী গৰাকীয়ে।

"মেইড" নথকা অৱস্থাত বাছন ধুইছে কেটৰিণা-কাৰ্তিকেঃ 2


ইয়াৰ লগতে কাৰ্তিক আৰিয়নে বাচন ধুই থকা ভিডিঅ’টোত কেপচন দিছে “ঘৰৰ কাহিনী”। আছলতে, প্ৰত্যেকজন বলীউড তাৰকা বৰ্তমান একটিভ হৈ ৰৈছে চচিয়েল মিডিয়াত; তেওঁলোকে আপলোড কৰা পোষ্ট সমূহৰ দ্বাৰা তেওঁলোকৰ ব্যক্তিগত জীৱনৰ সৈতে বহুখিনি চিনাকী হোৱাৰ সুবিধা পাইছে দৰ্শকেও।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform