Rupaliparda.com
প্ৰথমখন ছবিৰেই জনপ্ৰিয় সমৰেন্দ্ৰ নাৰায়ণ দেৱঃ 1

প্ৰথমখন ছবিৰেই জনপ্ৰিয় সমৰেন্দ্ৰ নাৰায়ণ দেৱঃ

ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত এগৰাকী অসমীয়া ছবি পৰিচালক হৈছে সমৰেন্দ্ৰ নাৰায়ণ দেৱ। “অৰণ্য” ৰ দ্বাৰা অসমীয়া ছবি ক্ষেত্ৰখনত খোজ পেলোৱা এই গৰাকী পৰিচালকৰ প্ৰথমখন উক্ত ছবিয়ে ১৯৭১ চনত লাভ কৰিছিল শ্ৰেষ্ঠ আঞ্চলিক চলচিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা। ১৯৭০-৮০ দশকলৈ সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত প্ৰায় ছবিয়ে আছিল নাৰীকেন্দ্ৰিক। তেওঁৰ দ্বাৰা নিৰ্মিত “অৰণ্য” ও “পুতলা ঘৰ” ত নাৰীৰ ভিন্ন ৰূপত উপস্থাপন কৰা হৈছিল তেওঁলোকৰ স্বাধীনতা। ১৯৪০ চনত দৰঙত জন্মগ্ৰহণ কৰা এই গৰাকী পৰিচালকে ১৪ বছৰ বয়সৰ পৰাই আৰম্ভ কৰিছিল নাটক লিখা তথা ইয়াত অভিনয় কৰা। কলেজত পঢ়ি থকা অৱস্থাত সমৰেন্দ্ৰই সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত দুগৰাকী ব্যক্তিৰ সংস্পৰ্শলৈ অহা লগতে তেওঁলোকৰ লগত নাটকতো অভিনয় কৰিছে।

প্ৰথমখন ছবিৰেই জনপ্ৰিয় সমৰেন্দ্ৰ নাৰায়ণ দেৱঃ 2


এই দুগৰাকী ব্যক্তি হৈছে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা। “ছিৰাজ” নাটকখনত এওঁলোকৰ সৈতে একেলগে অভিনয় কৰাৰ সুবিধা লাভ কৰিছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱে। “ভিক্ষা” লগতে “বান্দৰ আৰু জখলা” ৰ বাবে অসম নাট্য সন্মিলনীৰ দ্বাৰা তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। পিছলৈ সমৰেন্দ্ৰ নাৰায়ণ কলকাতালৈ যায় আৰু তাত আশুতোষ বেনাৰ্জীৰ ছবি “তিনি ভূৱনেৰ পাৰে” ত সহঃ পৰিচালকৰ দায়িত্বত কাম কৰে। তাৰ পৰা উভতি তেওঁ “অৰণ্য” ছবিখন নিৰ্মাণ কৰে আৰু তেনেতেই তেওঁ দৰ্শকৰ চকুত ধৰা দিবলৈ সক্ষম হৈ পৰে।

প্ৰথমখন ছবিৰেই জনপ্ৰিয় সমৰেন্দ্ৰ নাৰায়ণ দেৱঃ 3


“অৰণ্য” ৰ পিছত পৰিচালক গৰাকীয়ে ৫ খন অসমীয়া ছবি নিৰ্মাণ কৰে লগতে ৪ খন টেলিফিল্ম, ৫ খন ডকুমেন্টৰী আৰু ৮ খন টিভি চিৰিয়েলৰো নিৰ্মাণ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform