Rupaliparda.com
চীনত খোলা হ'ল চিত্ৰগৃহঃ কিন্তু বিক্ৰী নহ'ল টিকেট- 1

চীনত খোলা হ’ল চিত্ৰগৃহঃ কিন্তু বিক্ৰী নহ’ল টিকেট-

ক’ৰ’ণাৰ সংহাৰী ৰূপটোক লৈ অৱগত হোৱাৰ পিছতেই এতিয়া সকলো ঘৰৰ ভিতৰত। এই কালৰূপী ভাইৰাছবিধ চীনত আৰম্ভণি হয় বৰ্তমান কেইবাখনো দেশলৈ গতি কৰিছে যেনে ইউৰোপ, আমেৰিকা আদিলৈ। ইয়াৰ ফলতেই বহুত দেশ “লক ডাউন” কৰি দিয়া হ’ল; চীনতো “লক ডাউন” বহু দিনলৈ চলিছিল যাৰ ফলত বিগত বহু দিনৰ পৰা তাত চিনেমা ঘৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান বোৰ বন্ধ কৰি দিয়া হৈছিল। বৰ্তমান চীনত পৰিস্থিতি ঠিক হৈ আহিছে যদিও জনসাধাৰণৰ মাজত এতিয়াও ইয়াৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে। মানুহৰ মাজত ইমানেই ত্ৰাসৰ সৃষ্টি হ’ল যে সোমবাৰে তাত খুলি দিয়া এটাও চিনেমাঘৰৰ টিকেট বিক্ৰী নহ’ল।

চীনত খোলা হ'ল চিত্ৰগৃহঃ কিন্তু বিক্ৰী নহ'ল টিকেট- 2


ইয়াৰ দ্বাৰাই জনসাধাৰণৰ ভয়ৰ কথা বুজিব পৰা যায়। চীনত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা একেবাৰেই কমি যোৱাত চীন প্ৰশাসনে সোমবাৰে এই ছবিগৃহবোৰ খুলি দিয়াৰ আদেশ দিয়ে। মিডিয়া ৰিপোৰ্টনুসৰি, প্ৰায় ১৭ হাজাৰ ছবিগৃহৰ ৫০০ টা খোলাৰ আদেশ দিছিল প্ৰশাসনে। উল্লেখ্য যে, ক’ৰ’ণা ভাইৰাছৰ ফলত বৰ্তমান ভাৰততো স্কুল-কলেজ, ব্যৱসায় প্ৰতিষ্ঠান আদিৰ লগতে বন্ধ কৰি দিয়া হৈছে চিত্ৰগৃহ সমূহো। আগন্তুক সময়তহে গম পোৱা যাব পৰিস্থিতি ঠিক হোৱাৰ পিছত কেতিয়ালৈ প্ৰশাসনে এই প্ৰতিষ্ঠান সমূহ খোলাৰ আদেশ দিয়ে।

চীনত খোলা হ'ল চিত্ৰগৃহঃ কিন্তু বিক্ৰী নহ'ল টিকেট- 3


এইখিনিতে, আপোনালোকক জনাই থওঁ যে; ক’ৰ’ণাৰ বাবে বহু হলীউড আৰু বলীউড ছবিৰ মুক্তিৰ তাৰিখ ইতিমধ্যে পিছুৱাই দিয়া হৈছে। ছবিসমূহ হৈছে ক্ৰমে “ন টাইম টু ডায়”,”ফাষ্ট এণ্ড ফিউৰিয়াছ ৯”, “৮৩” আৰু “সূৰ্য়ৱংশী”।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.