Rupaliparda.com
ট্ৰোলৰ গৰাকী হৈ পৰিছে কন্ঠশিল্পী কণিকা কাপুৰঃ 1

ট্ৰোলৰ গৰাকী হৈ পৰিছে কন্ঠশিল্পী কণিকা কাপুৰঃ

প্ৰত্যেকদিনা “ক’ৰ’ণা ভাইৰাছ” ৰ নতুন নতুন খবৰ অহা দেখিবলৈ পোৱা গৈছে। হলীউডৰ বহু তাৰকাৰ লগতে বলীউডৰ কন্ঠশিল্পী কণিকা কাপুৰো হৈ পৰিছে “ক’ৰ’ণা পজিটিভ”। তেওঁৰ লগতে যোৱা বুধবাৰে পোৱা খবৰ অনুসৰি ব্ৰিটেইনৰ প্ৰিন্স চাৰ্ল্সো এই “ক”ৰ’ণা” ৰ আগ্ৰাসনত সোমাই পৰিছে। গতিকে উক্ত দুয়োগৰাকীকে বৰ্তমান আছুঁতীয়াকৈ ৰখা হৈছে হাস্পাতালত। এনেতে, চচিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে। ফটো খনত প্ৰিন্স চাৰ্ল্স আৰু কণিকা কাপুৰক কথা পাতি থকা দেখিবলৈ পোৱা গৈছে। যিহেতু দুয়োগৰাকী বৰ্তমান “ক’ৰ’ণা পজিটিভ”; ফলত এই ফটোখন ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত।

https://twitter.com/Nightkingisback/status/1242788693103894528
https://twitter.com/sameerp19/status/1242840361757601792


বিভিন্ন জনে বিভিন্ন ধৰণৰ কমেন্ট কৰি ফটোখন ভাইৰেল কৰি তুলিছে চচিয়েল মিডিয়াত। খবৰ অনুসৰি, উক্ত ফটোখন ২০১৫ চনৰ এটা “ৰয়েল পাৰ্টি” ত উঠা ফটো; আনহাতে কণিকা কাপুৰ আৰু প্ৰিন্সৰ আন এখন পুৰণি ফটোও দেখিবলৈ পোৱা গৈছে। য’ত কণিকা কাপুৰ থীম পাৰ্টি ড্ৰেস পৰিধান কৰি প্ৰিন্সৰ সৈতে কথা পাতি আছে। উল্লেখ্য যে, হলীউডৰ বহু তাৰকাক “ক’ৰ’ণা ভাইৰাছে” আগ্ৰাসনত লৈছে যদিও বলীউডৰ একমাত্ৰ কণিকা কাপুৰৰ গাতহে ক’ৰ’ণা ভাইৰাছে স্থিতি লাভ কৰিছে।

ট্ৰোলৰ গৰাকী হৈ পৰিছে কন্ঠশিল্পী কণিকা কাপুৰঃ 2


ইয়াৰ উপৰিও কণিকা কাপুৰক দোষীও সাৱস্ত্য কৰা হৈছে কিয়নো তেওঁ লণ্ডনৰ পৰা ঘূৰি অহা সময়ছোৱাত এয়াৰপোৰ্টত নিজৰ পৰীক্ষা নকৰোৱাকৈ তাৰ পৰা পলায়ন কৰিছিল। তেওঁৰ এনে কাৰ্যৰ ফলত বহু দিনৰ পৰাই তেওঁক চচিয়েল মিডিয়াত ট্ৰোল কৰা হৈছিল।

SOURCE: https://aajtak.intoday.in/story/corona-positive-kanika-kapoor-prince-charles-old-pictures-goes-viral-on-social-media-isolation-tmov-1-1174846.html

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.