Rupaliparda.com
চিলেব্ৰেটীৰ ফিটনেছ ভিডিঅ'ক লৈ ক্ষোভিত ফাৰাহ খানঃ 1

চিলেব্ৰেটীৰ ফিটনেছ ভিডিঅ’ক লৈ ক্ষোভিত ফাৰাহ খানঃ

ক’ৰ’ণা ভাইৰাছে য’ত মহামাৰী ৰূপ ধাৰণ কৰি সকলোকে চিন্তাত পেলাইছে তেনেক্ষেত্ৰতে আকৌ এইকেইদিন চিলেব্ৰেটীয়ে আপলোড কৰা ফিটনেছ ভিডিঅ’ক লৈ ক্ষোভিত হৈ পৰিছে পৰিচালক ও কৰিঅ’গ্ৰাফাৰ ফাৰাহ খান। ক’ৰ’ণা ভাইৰাছৰ ফলত এইকেইটাদিন সকলোৱে নিজৰ বাসগৃতহেই সময় কটাইছে; কোনোৱে যদি ফিটনেছ ভিডিঅ’ আপলোড কৰিছে তাতেই আকৌ কোনো তাৰকাই ঘৰতে থাকি কেনেদৰে ঘৰৰ কাম কৰিছে তাৰেই ভিডিঅ’ আপলোড কৰি দৰ্শকক মনোৰঞ্জন কৰাইছে। কিন্তু এইবোৰ দেখি এতিয়া চিলেব্ৰেটীসমূহৰ ওপৰত খং প্ৰকাশ কৰিছে ফাৰাহই। উল্লেখ্য যে, কেটৰিণা কাইফে ঘৰতে কৰিব পৰা কিছু ফিটনেট টিপচ দৰ্শকক শিকাই ভিডিঅ’ আপলোড কৰাৰ পিছতেই এই ট্ৰেণ্ডটো চচিয়েল মিডিয়াত আৰম্ভ কৰে আন কেইবাগৰাকীও তাৰকাই ক্ৰমে বৰুণ ধৱন, মীৰা ৰাজপুত, শ্বাহিদ কাপুৰ, হিনা খান, বিকি কৌশল, দীপিকা পাডুকন, ৰণৱীৰ সিং, কৰীণা কাপুৰ খান তথা অমিতাভ বচ্চনে।

https://www.instagram.com/p/B-HHD7XhxZO/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B-E_rgpD9nH/?utm_source=ig_web_copy_link


ইয়াৰ পিছতেই, ফাৰাহ খানে এটা ভিডিঅ’ আপলোড কৰি চিলেব্ৰেটীসমূহৰ এনে ভিডিঅ’ আপলোড কৰিবলৈ বাধা দিয়ে অন্যথা তেওঁ চিলেব্ৰেটীসমূহক আনফ’লো কৰি দিম বুলিও ব্যক্ত কৰে। ইয়াৰ লগতে, তেওঁ কয় যে; “জানো ফিটনেছ এজন ব্যক্তি বিশেষৰ বাবে কিমান প্ৰয়োজন কিন্তু ইয়াৰ বাহিৰেও কিছু সংখ্যক মানুহে মহত্বপূৰ্ণ চিন্তাও কৰি আছে; মই এইটোও জানো যে, আপোনালোক বৰ্তমান ঘৰত এনেই আছে গতিকে আপোনালোকৰ অধিক কাম নাই সেইবাবে এনে ধৰণে নিজৰ ফিটনেছ চিন্তা কৰিছে কিন্তু আপোনালোকৰ বাদে আনবোৰ মানুহে এইটো সময়ত বহুত সংকটময় অৱস্থাৰ সৈতে যুঁজিছে।”

https://www.instagram.com/p/B-L4im6A5bh/?utm_source=ig_web_copy_link


ফাৰাহৰ এনে ক্ষোভিত মন্তব্যৰ পিছত চেলিব্ৰেটী সমূহে কি প্ৰতিউত্তৰ দিব সেয়া হ’ব আগন্তুক সময়ত লক্ষ্যণীয়।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform