Rupaliparda.com
"লক ডাউন"- "ওৱণ্ডাৰ চিষ্টাৰচ" ৰ ফেচপেক আৰু আচুৰ্য্য বৰপাত্ৰৰ ঘৰুৱা খেতিঃ 1

“লক ডাউন”- “ওৱণ্ডাৰ চিষ্টাৰচ” ৰ ফেচপেক আৰু আচুৰ্য্য বৰপাত্ৰৰ ঘৰুৱা খেতিঃ

কিছুদিনৰ বাবে সংগীতচৰ্চা এৰি অসমীয়া কন্ঠশিল্পী সমূহে আৰম্ভ কৰিছে এক ব্যতিক্ৰমী প্ৰকল্প। দিনৰ দিনটো ঘৰতে বহি সময় অতিবাহিত কৰা জনসাধাৰণক এই শিল্পী সমূহে যেনেকৈ নহ’লেও মনোৰঞ্জন কৰোৱাৰ মানসেৰে কৰিছে চচিয়েল মিডিয়াত ভিডিঅ’ পোষ্ট। তেওঁলোকৰ গীত সমূহৰ দৰেই আছলতে ভাইৰেল হৈ পৰিছে এওঁলোকৰ এনে ভিডিঅ’বোৰ। উল্লেখ্য যে, দেশত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে “ক’ৰ’ণা ভাইৰাছ” ত আক্ৰান্ত ৰোগীৰ সংখ্যা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান অনুসৰি হোৱা “লক-ডাউন” ৰ আজি তৃতীয়টো দিন। আপোনালোকক আমি ৰূপালীপৰ্দাৰ জৰিয়তে নিতৌ দেখুৱাইছো চিলেব্ৰেটীসমূহে কেনেদৰে পাৰ কৰিছে তেওঁলোকৰ এই ক’ৰ’ণা ভাইৰাছৰ সময়খিনি। ঋতৃষা শৰ্মা, বৰ্ণালী কলিতা, পাপনৰ পিছত এইবাৰ আচুৰ্য্য বৰপাত্ৰ আৰু জনপ্ৰিয় “ওৱণ্ডাৰ চিষ্টাৰচ” ৰ দুটা ভিডিঅ’ই এতিয়া হৃদয় জিনিছে দৰ্শকৰ।


জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই ঘৰতে শাক পাচলিৰ খেতি কৰি দিনটো পাৰ কৰিছে। গোলাঘাটৰ সৰুপথাৰ নিবাসী এইগৰাকী কন্ঠশিল্পী যিহেতু বৰ্তমানৰ “লক-ডাউন” ৰ সময়ছোৱাত ঘৰত আছে গতিকে তাতেই থাকি তেওঁ ঘৰুৱা বন্ধাকবি, ভাতকেৰেলা, ফুলকবি আদিৰ খেতিৰ দৃশ্য ভিডিঅ’ জৰিয়তে দৰ্শকক দেখুৱায়। লগতে, কন্ঠশিল্পী গৰাকী অসমবাসী ৰাইজক এইকেইটা দিন অন্ততঃ ঘৰতেই থাকিবলৈ আহ্বান জনায়। কোৱা বাহুল্য যে, আচুৰ্য্য বৰপাত্ৰৰ অসমৰ সংগীত শিল্পী সমূহৰ ভিতৰৰ উল্লেখনীয় এজন; তেওঁৰ প্ৰত্যেকটো গীত জনপ্ৰিয় হোৱাৰ লগতে শ্ৰোতাইও গীতসমূহ আকোঁৱালি লোৱা দেখিবলৈ পোৱা যায়।


আনহাতে, অলংকৃতা তথা ৰূপাংকৃতা; ক্ৰমশঃ অসমীয়া সংগীত ক্ষেত্ৰখনত শ্ৰোতাৰ অধিক সমাদৰ লাভ কৰা দুটা নাম। দৰ্শক ও শ্ৰোতাৰ মাজত “ওৱণ্ডাৰ চিষ্টাৰচ” ৰূপে পৰিগণিত এই দুই ভগ্নীইয়ে নিতৌ ভিন্ন ভিডিঅ’ৰ লগতে ঘৰতে কেনেদৰে ব্যঞ্জন তৈয়াৰ কৰিছে সেই আটাইবোৰ দৰ্শকক আপডেট দি আহিছে। ইয়াৰ লগতে, তেওঁলোকে এইবাৰ অইন মহিলা অথবা ছোৱালীবোৰৰ বাবে আনিছে এটি “বিউটি টিপচ”। ঘৰতে থকা বিভিন্ন সামগ্ৰীৰে কেনেদৰে ফেচপেক তৈয়াৰ কৰিব পাৰি তাৰেই এটা ভিডিঅ’ আপলোড কৰিছে এওঁলোকে। দৈ, বেচন আৰু অকণমান হালধীৰ মিশ্ৰণেৰে ঘৰতেই কেনেদৰে এটা সহজতে ফেচপেক তৈয়াৰ কৰিব পৰা যায় তাৰেই এক টিউটৰিয়েল দিয়ে “ওৱণ্ডাৰ চিষ্টাৰচে”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform