Rupaliparda.com
"বিশ্ব থিয়েটাৰ দিৱস"- অসমৰ জনপ্ৰিয় "ভ্ৰাম্যমাণ থিয়েটাৰ" গোষ্ঠীলৈ শুভকামনা- 1

“বিশ্ব থিয়েটাৰ দিৱস”- অসমৰ জনপ্ৰিয় “ভ্ৰাম্যমাণ থিয়েটাৰ” গোষ্ঠীলৈ শুভকামনা-

২৭ মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে “বিশ্ব থিয়েটাৰ দিৱস” পালন কৰা হয়। ১৯৬১ চনত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ ইউনেস্কৰ এটা শাখা “আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে” এই দিৱস পালন কৰিছিল। এই দিৱস উদযাপনৰ উদ্দেশ্যে উক্ত প্ৰতিষ্ঠানে এজন শিল্পী বিচাৰি লয়; যিয়ে আজিৰ দিনটোত থিয়েটাৰৰ থীম আৰু শান্তিৰ সংস্কৃতি বিষয়ক এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে। ১৯৬২ চনত প্ৰথমবাৰৰ বাবে এনে বাৰ্তা লিখিছিল ফ্ৰান্সৰ জিন কোকটিয়ায়ে।

"বিশ্ব থিয়েটাৰ দিৱস"- অসমৰ জনপ্ৰিয় "ভ্ৰাম্যমাণ থিয়েটাৰ" গোষ্ঠীলৈ শুভকামনা- 2


আজি উদযাপন কৰা “বিশ্ব থিয়েটাৰ দিৱস” ৰ সময়ছোৱাত অসমত থকা এক থিয়েটাৰ গোষ্ঠীৰ নাম লোৱাটো একেবাৰে উপযোগী। ই হৈছে “ভ্ৰাম্যমাণ থিয়েটাৰ দল।” এই থিয়েটাৰৰ পিতৃ আখ্যা দিয়া হয় অচ্যুত লহকৰক। ১৯৩০ চনত গঠিত “কহিনুৰ অপেৰা পাৰ্টি” নামে এটা নাট্য দলে অসম ভ্ৰমণ কৰি বিভিন্ন নাট্য প্ৰদৰ্শন কৰিছিল। ব্ৰজনাথ শৰ্মাৰ দ্বাৰা গঠিত এই নাট্যদলটোৱে দৰ্শকৰ সঁহাৰি লাভ কৰা পিছত বিভিন্নধৰণৰ কেইবাটাও অপেৰা পাৰ্টি গঠন হ’বলৈ ধৰে। এনে এটা অপেৰা পাৰ্টি আছিল বজালী অঞ্চলৰ পাঠশালা নিবাসী সদানন্দ লহকৰৰ; তেওঁৰ এই দলটোৰ নাম আছিল নটৰাজ অপেৰা। এই “নটৰাজ অপেৰা” দলটোক সদানন্দ লহকৰৰ জ্যেষ্ঠ ভাতৃ অচ্যুত লহকৰে নতুন ৰূপ দিবলৈ গৈ ভ্ৰাম্যমাণ থিয়েটাৰ গঠন কৰে। তেওঁ নিজ আত্মজীৱনীত লিখি গৈছে যে, “অপেৰা দল” টোৰ কিছু ধাৰা তেওঁ ভাল নোপোৱাৰ ফলত ইয়াক সলনি কৰিবলৈ যাওঁতেই ভ্ৰাম্যমাণৰ জন্ম হৈছিল।”

"বিশ্ব থিয়েটাৰ দিৱস"- অসমৰ জনপ্ৰিয় "ভ্ৰাম্যমাণ থিয়েটাৰ" গোষ্ঠীলৈ শুভকামনা- 3


বৰ্তমান অসমীয়া ছবিতকৈ অধিক জনপ্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটসমূহ। দীঘলীয়া কাৰ্যসূচীৰে ইয়াৰ বিভিন্ন শিল্পী অসমৰ এঠাইৰ পৰা আনঠাইলৈ গৈ নাট্য প্ৰদৰ্শন কৰে। এদিনতে চাৰিটাকৈ দৰ্শনী কৰাৰ পিছতো কেতিয়াবা দৰ্শকৰ দাবীত অধিক দৰ্শনী কৰিবলগীয়াও হয়। সফলতাক চুমি যোৱা ভ্ৰাম্যমাণক কোনো লোকে কালিমা সনাৰো চেষ্টা নকৰা নহয়; কিন্তু এই সকলোবোৰকে উপেক্ষা কৰি বৰ্তমানেও ভ্ৰাম্যমাণে নিজৰ স্থিতি মজবুত কৰি ৰাখিছে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.