Rupaliparda.com
সংগপোনে হৈছিল দৃশ্যগ্ৰহণঃ তথাপিও ভাইৰেল "বেলকনিত ভগৱান"- 1

সংগপোনে হৈছিল দৃশ্যগ্ৰহণঃ তথাপিও ভাইৰেল “বেলকনিত ভগৱান”-


এখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি। ছবিখনক লৈ দৰ্শকক কিছু আভাষ দিয়া পিছত সংগোপনে কৰা হৈছিল ছবিখনৰ দৃশ্যগ্ৰহণ। অতি কমেও ৫০০ গৰাকী লোকৰ চক্ষুৰ ওচৰত শ্বুটিং কৰা হৈছিল যদিও উপস্থিত লোক সকলক ছবিখনৰ সৈতে জড়িত কৰ্তৃপক্ষই দিয়া নাছিল মোবাইল ফোন ব্যৱহাৰৰ আদেশ। কিন্তু, ইমানবোৰৰ পিছতো হঠাৎ ছবিখনৰ দুখন ফটো ভাইৰেল হৈ পৰিল চচিয়েল মিডিয়াত। এই ছবিখনৰ নাম হৈছে “বেলকনিত ভগৱান” অৰ্থাৎ “GOD ON THE BALCONY”। ছবিখন নিৰ্মাণৰ খবৰে ইতিমধ্যে দৰ্শকক উৎসাহিত কৰি তোলাৰ লগতে ছবিখনৰ নিৰ্মাতা ও প্ৰযোজকৰ যুঁটিটোও আছিল দৰ্শকৰ বাবে মন পৰশা। “বহ্নিমান”, “ৰক্তবীজ” আদিৰ দৰেই দুখন অসমীয়া জনপ্ৰিয় ছবিৰ শুভমুক্তিৰ পিছত বিশ্বজিৎ বৰাৰ “লখিমী” য়ে চাপিছে মুক্তিৰ কাষ। ইয়াৰ লগতে, তেওঁ শেহতীয়াকৈ জড়িত হৈ পৰিছে উক্ত “বেলকনিত ভগৱান” ছবিখনৰ সৈতে।

সংগপোনে হৈছিল দৃশ্যগ্ৰহণঃ তথাপিও ভাইৰেল "বেলকনিত ভগৱান"- 2


এই ছবিখন বহু বছৰ বিৰতিৰ পিছত ‘মাইনা প্ৰডাকচন’ ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। ‘জেতুকা পাতৰ দৰে’ অসমীয়া ছবিখনৰ বাবে ৰাস্ত্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত ‘ৰজত কমল’ প্ৰাপ্ত প্ৰযোজক নুৰুল চুলতান হৈছে “বেলকনিত ভগৱান” ছবিখনৰ প্ৰযোজক। নুৰুল চুলতানে এই ছবি খনৰ বাদেও পূৰ্বতে কেইবাখনো ‘ভিছিডি’ নিৰ্মাণ কৰি বানিজ্যিক ভাবে সফল হৈছিল। এজন খুব ভাল প্ৰযোজক হিচাপে নাম থকা নুৰুল চুলতানৰ এই ছবিখনেও ৰাইজক সন্তুষ্টি প্ৰদান কৰিব বুলি ক’লেও হয়টো উপৰঞ্চি নহ’ব। কোৱা বাহুল্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ ব্যস্ত পৰিচালকৰ ভিতৰত এগৰাকী হৈছে বিশ্বজিৎ বৰা। তেওঁৰ দ্বাৰা নিৰ্মিত প্ৰত্যেক খন ছবিয়েই সুকীয়া, কোনো ধৰণৰ ধাৰাক বিশ্বাস নকৰি বানিজ্যিক ছবিৰ লগতে ‘Content Oriented’ ছবি তেওঁ নিৰ্মাণ কৰিছে; যাৰ ফলত তেওঁৰ প্ৰত্যেক ছবিয়ে ‘ Mass Audience’ আৰু ‘Intellectual Audience’ এই দুই শ্ৰেনীকে ধৰি ৰাখিবলৈ সক্ষম হৈছে। এইখিনিতে, আপোনালোকক জনাই থওঁ যে; “বেলকনিত ভগৱান” ছবিখনৰ ভাইৰেল হোৱা ফটোখনত দেখিবলৈ পোৱা মতে ইয়াত মূখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ কেইবাখনো ছবি ক্ৰমে য়াহা, কমিনে, মিডনাইটচ চিলড্ৰেন, গেংগচ অৱ ৱাছিপুৰ আদিত অভিনীত হাৰিশ খান্না। লগতে ইয়াত আন দুটা চৰিত্ৰত অভিনয় কৰিছে প্ৰণামী ভাৰথী আৰু পৰিনান্ধি জিমা চুলতানাই। ইয়াৰ উপৰিও শুনিবলৈ পোৱা মতে ৰাজীৱ ক্ৰ, শোণিত বৰা, সাংবাদিক ইভা মহন্তৰ লগতে জেষ্ঠ অভিনেতা দীনেশ দাস, জেষ্ঠ অধিবক্তা বিজন মহাজন আৰু জনপ্ৰিয় সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাইও অভিনয় কৰিছে এই ছবিখনত।

সংগপোনে হৈছিল দৃশ্যগ্ৰহণঃ তথাপিও ভাইৰেল "বেলকনিত ভগৱান"- 3


মাজুলী, লক্ষীমপুৰ আদিৰ ভিতৰুৱা ঠাইসমূহৰ কিছু বাতৰি আমি প্ৰায়ে সংবাদ মাধ্যমত দেখিবলৈ পাওঁ; য’ত অসুখীয়া পত্নীক গিৰিয়েকে চাইকেল অথবা ঠেলাত কঢ়িয়াই হাস্পাতাললৈ চিকিৎসাৰ বাবে লৈ যায়। তেনে এক ঘটনাৰ পৰিপ্ৰেক্ষিততে হয়টো নিৰ্মাণ কৰা হৈছে হয়টো এই “বেলকনিত ভগৱান” ছবিখন।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform