Rupaliparda.com
ঋত্বিক ৰোশনৰ পোহনীয়া কুকুৰটোৱেও কৈছে " Stay At Home, Stay Safe" - 1

ঋত্বিক ৰোশনৰ পোহনীয়া কুকুৰটোৱেও কৈছে ” Stay At Home, Stay Safe” –

বিশ্বৰ মহামাৰী ৰূপে খ্যাত “ক’ভিড ১৯” ৰ এই সময়ছোৱাতে দেশৰ বিভিন্ন তাৰকাৰ লগতে ৰাজনেতা সকলেও নিজকে আৱদ্ধ কৰি ৰাখিছে ঘৰৰ ভিতৰত। ইজনে আনজনক ঘৰৰ পৰা বাহিৰ ওলাবলৈ বাধা প্ৰদান কৰাৰ লগতে চিলব্ৰেটীসকলেও বিভিন্ন ধৰণে নিজ নিজ অনুৰাগীক ঘৰৰ পৰা বাহিৰ নোলাবলৈ আহ্বান জনায়। এনেক্ষেত্ৰতে অভিনেতা ঋত্বিক ৰোশনে এইবাৰ ব্যতিক্ৰমী ধৰণে জনসাধাৰণক ঘৰৰ পৰা বাহিৰ নোলাবলৈ আহ্বান জনাইছে। ঋত্বিকে নিজ জিম ৰূমত থকা অৱস্থাতে এখন ফটো শ্বেয়াৰ কৰে ইনষ্টাগ্ৰামত; য’ত তেওঁ শুই থাকে কিন্তু তেওঁৰ পোহনীয়া কুকুৰটো কেমেৰা কাষলৈ আহি থাকে। এই ফটোখন বৰ্তমান ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। ফটোখন শ্বেয়াৰ কৰি অভিনেতা গৰাকীয়ে তাত কেপচন দিয়ে যে- “জেনে আপোনালোকক ক’বলৈ বিচাৰিছে যে ঘৰতেই থাকক।”

ঋত্বিক ৰোশনৰ পোহনীয়া কুকুৰটোৱেও কৈছে " Stay At Home, Stay Safe" - 2


ঋত্বিকৰ এই ফটোখন বৰ্তমান ৬ লাখতকৈও অধিক লোকে লাইক কৰিছে লগতে বিভিন্ন জনে কমেন্টো কৰিছে এই ফটোখনত। উল্লেখ্য যে,ঋত্বিক ৰোশনৰ বাহিৰেও বিভিন্নজন তাৰকাই “ক’ৰ’ণা ভাইৰাছ” ৰ এই যুদ্ধত চৰকাৰক সহযোগিতা আগবঢ়াইছে। ঋত্বিক ৰোশনে Brihanmumbai Municipal Corporation ত ২০ লাখ টকাৰ অনুদান আগবঢ়ায়। এক সূত্ৰই দিয়া তথ্যনুসৰি, ” অভিনেতা গৰাকীয়ে Brihanmumbai Municipal Corporation ত কাম কৰা লোকসকলক তেওঁ সহায়ৰ হাত আগবঢ়াব বিচাৰিছিল আৰু ইয়াৰ বাবেই তেওঁ মহাৰাষ্ট্ৰ চৰকাৰৰ পূঁজিলৈ ২০ লাখ টকা আগবঢ়ায়।


মহাৰাষ্ট্ৰ চৰকাৰক অভিনেতাগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰি কয় যে, “মহাৰাষ্ট্ৰ চৰকাৰে মোক সহায়ৰ সুযোগ দিয়া বাবে তেওঁলোকক ধন্যবাদ”। ইয়াৰ উপৰিও, তেওঁ BMC ৰ কৰ্মকতা সকলৰ মাজত N95 আৰু FFP3 মাস্ক বিতৰণ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform