Rupaliparda.com
১৯৭০-৮০ খ্ৰীষ্টাব্দৰ পৰিচালকৰ প্ৰথম পচন্দ অভিনেত্ৰী কাশ্মিৰী শইকীয়া বৰুৱাঃ 1

১৯৭০-৮০ খ্ৰীষ্টাব্দৰ পৰিচালকৰ প্ৰথম পচন্দ অভিনেত্ৰী কাশ্মিৰী শইকীয়া বৰুৱাঃ

“এই পূৰ্ণিমা ৰাতি” শীৰ্ষক গীতটিত দলগত ভাৱে নৃত্য কৰা অসমীয়া অভিনেত্ৰী কাশ্মিৰী শইকীয়া বৰুৱা এসময়ৰ পৰিচালক গোষ্ঠীৰ প্ৰথমটো বাচনি আছিল বুলি ক’লেও হয়টো ভুল কোৱা নহ’ব। ৰাজ্যিক অথচ ৰাষ্ট্ৰীয় ক্ষেত্ৰত পুৰষ্কাৰপ্ৰাপ্ত ছবিত অভিনীত এই গৰাকী অভিনেত্ৰীয়ে স্নাতক পাছ কৰিছিলে তেতিয়াৰ কটন কলেজৰ পৰা। ১৯৮১ চনত কটন কলেজৰ পৰা উত্তীৰ্ণ হৈছিল যদিও ১৯৭১ চনতেই “অৰণ্য” ছবিখনৰ উক্ত গীতটিত কাশ্মিৰীক দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পিছতেই তেওঁক সমৰেন্দ্ৰ নাৰায়ণ দেৱে অভিনেত্ৰী ৰূপে এখন ছবিত কাম কৰাৰ সুযোগ প্ৰদান কৰে। ছবিখনৰ নাম আছিল ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত “পুতলা ঘৰ”।

১৯৭০-৮০ খ্ৰীষ্টাব্দৰ পৰিচালকৰ প্ৰথম পচন্দ অভিনেত্ৰী কাশ্মিৰী শইকীয়া বৰুৱাঃ 2


ইয়াৰ এবছৰ পিছতেই কাশ্মিৰী শইকীয়া বৰুৱাই “ইণ্ডিয়ান পেনেৰোমা”লৈ যোৱা প্ৰথমখন অসমীয়া ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ নাম আছিল “সন্ধ্যাৰাগ (১৯৭৭)”। অভিনেত্ৰী গৰাকীয়ে কেইবাখনো অসমীয়া ছবি ক্ৰমে অগ্নিস্নান, ময়ূৰী, এন্টনী মোৰ নাম, এই দেশ মোৰ দেশ তথা “সাগৰলৈ বহু দূৰ” ইত্যাদি ছবিত অভিনয় কৰে। মূল নায়িকাৰ উপৰিও অভিনেত্ৰী গৰাকীক নিগেটিভ চৰিত্ৰ ৰূপায়ন কৰাও দেখিবলৈ পোৱা যায়।

১৯৭০-৮০ খ্ৰীষ্টাব্দৰ পৰিচালকৰ প্ৰথম পচন্দ অভিনেত্ৰী কাশ্মিৰী শইকীয়া বৰুৱাঃ 3


বৰ্তমানেও অসমীয়া “টক শ্ব” ত দেখিবলৈ অভিনেত্ৰী গৰাকীয়ে দূৰদৰ্শনত বহু বাতৰিও পৰিৱেশন কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform