বলীউডত সম্পৰ্ক গঢ়া আৰু ভঙা একেবাৰে সৰু কথা। প্ৰত্যেকদিনাই ন-ন সম্পৰ্কৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰে। এই ক্ষেত্ৰখনত “প্ৰেমিক যুঁটি” ৰ যিমান সোনকালে সৃষ্টি হয়; তাতকৈ অধিক সোনকালে প্ৰেম বিচ্চেদো ঘটে। বিগত বছৰত ঈশান খট্টৰে য’ত জান্হৱী কাপুৰক “ডেট” কৰা শুনিবলৈ পোৱা গৈছিল তাতেই আকৌ চলিত বৰ্ষত আন এগৰাকী বলীউড অভিনেত্ৰীৰ সৈতে তেওঁৰ সম্পৰ্ক স্থাপন হোৱাৰ বাতৰি সমুখলৈ আহিছে। এই অভিনেত্ৰী গৰাকী হৈছে আগন্তুক সময়ত ঈশান খট্টৰৰ সৈতে “খালী পীলী” ত দেখা পাবলগীয়া অভিনেত্ৰী অনন্যা পাণ্ডে। Pinkvilla ত দিয়া খবৰ অনুসৰি ঈশান আৰু অনন্যাই ইজনে আনজনক “ডেট” কৰা আৰম্ভ কৰিছে।

বিগত সময়ছোৱাত, অনন্যাই “ডেট” কৰা নাছিল যদিও তেওঁৰ সৈতে অভিনেতা কাৰ্তিক আৰিয়নক দেখিবলৈ পাইছিল দৰ্শকে; আনহাতে, ঈশান খট্টৰক দেখা পোৱা গৈছিল জান্হৱীৰ সৈতে। কিন্তু এই সকলোবোৰ পিছ পেলাই উক্ত দুই অভিনেতা-অভিনেত্ৰীক বৰ্তমান প্ৰায় সময়ত একেলগে দেখা পোৱাৰ উপৰিও অভিনেতা ঈশান অনন্যাক লৈ কিছু কিছু সময়ত “ৰক্ষক” হৈ পৰাও দেখিবলৈ পোৱা গৈছিল। ঈশানৰ এই সকলোবোৰ ব্যৱহাৰৰ আঁত ধৰিয়ে বৰ্তমান দুয়ো তাৰকাই “ডেট” কৰা কথাষাৰ দৰ্শকৰ বাবেও গ্ৰহণযোগ্য হৈ পৰিছে।

উল্লেখ্য যে, আগন্তুক ছবি “খালী পীলী” ঈশান-অনন্যাক একেলগে দেখিবলৈ পোৱা যাব। ছবিখনৰ ইতিমধ্যে মুকলি কৰা হৈছে ফাৰ্ষ্ট লুক পোষ্টাৰ; য’ত তেওঁলোকৰ দুয়োৰে কেমেষ্ট্ৰীয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে।
1 comment