Rupaliparda.com
১ লাখ টকাকৈ সাহাৰ্য্য আগবঢ়ালে জুবিন গাৰ্গ-যতীন বৰাইঃ 1

১ লাখ টকাকৈ সাহাৰ্য্য আগবঢ়ালে জুবিন গাৰ্গ-যতীন বৰাইঃ

অসমৰ শিল্পী সমাজ সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত সদায় আগৰণুৱা। প্ৰতিটো ক্ষেত্ৰত তেওঁলোকে জনসাধাৰণক সহায়-সহযোগিতা আগবঢ়োৱা দেখিবলৈ পোৱা যায়। চৰকাৰৰ বিৰোধিতা কৰি যেনেদৰে অসমীয়া শিল্পী সমাজে “কা” ৰ বিৰোধী প্ৰতিবাদ সাবস্ত্য কৰিছিলে ঠিক তেনেদৰে বিপদৰ সময়ছোৱাত এইবাৰ চৰকাৰক সহযোগিতাও আগবঢ়োৱা দেখিবলৈ পোৱা গ’ল এওঁলোকক। এজন সিজনকৈ প্ৰত্যেককে মৃত্যুৰ দলিচালৈ ঠেলি নিয়া এই মহামাৰী “ক’ৰ’ণা ভাইৰাছ”-এ নিতৌ নতুন মূৰ লোৱা দেখিবলৈ পোৱা গৈছে। অসমত এতিয়াও কোনো লোক আক্ৰান্ত হোৱা নাই যদিও ভাৰতত নিতৌ “ক’ৰ’ণা” ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।


ভাৰত চৰকাৰে ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ কোৱাৰ পিছতেই এতিয়া জলীউড-বলীউড দুয়ো ক্ষেত্ৰৰ তাৰকা সকল আগবাঢ়ি অহা দেখিবলৈ পোৱা গ’ল। অক্ষয় কুমাৰ, বৰুণ ধৱনে নিজ জমাধনৰ এটা মোটা অংকৰ ধন “ৰাহত কোষ” ত দিয়া পিছতেই এতিয়া যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ তথা জনপ্ৰিয় অভিনেতা যতীন বৰাই চৰকাৰক সহযোগিতাৰ অৰ্থে আগবঢ়াইছে এক লাখকৈ টকা। দুয়োগৰাকী ব্যক্তিয়ে একোটা ভিডিঅ’ জৰিয়তে এই কথা ব্যক্ত কৰে জনসাধাৰণৰ আগত। দুয়ো শিল্পীয়ে আগবঢ়োৱা এনে অৰিহণাক বৰ্তমান প্ৰশংসা কৰিছে তেওঁলোকৰ অনুৰাগীৰ লগতে সমগ্ৰন অসমবাসীয়ে।


যদিও বৰ্তমান জুবিন গাৰ্গ মুম্বাইত আৱদ্ধ হৈ আছে তৎস্বত্বেও তেওঁ অসমবাসীৰ সুস্বাস্থ্য কামনা কৰি “লক-ডাউন” ৰ সমূহ নীতি নিয়ম মানি চলাৰ লগতে সজাগ ও সচেতন হৈ থাকিবলৈও অসমবাসীক কয়। তেওঁ নিজেও যে মুম্বাইলৈ গৈ যে অাৱদ্ধ হৈ পৰিছে তাৰো উল্লেখ কৰে।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform