Rupaliparda.com
এইবাৰ শ্যামন্তিকা ও তনভীয়ে আগবঢ়ালে সহায়ৰ হাতঃ 1

এইবাৰ শ্যামন্তিকা ও তনভীয়ে আগবঢ়ালে সহায়ৰ হাতঃ

অসমতো ইতিমধ্যে প্ৰৱেশ কৰিলে “কভিড১৯”। আক্ৰান্ত হৈ পৰিছে কেইবাগৰাকীও। “লক-ডাউন” ৰ ফলত বহু জনসাধাৰণ মানসিকভাৱে ভাঙি পৰা পৰিলক্ষিত হৈছিল যদিও পৰিয়াল তথা নিজক বচাই ৰখাৰ স্বাৰ্থত কোনো ক’তো অপ্ৰয়োজনীয়ভাৱে ওলাই যোৱা নাছিল। কিন্তু অসমত বেমাৰবিধে প্ৰৱেশ কৰা পিছতেই এতিয়া পূৰ্বতকৈ অধিক আতংকিত হৈ পৰিছে সাধাৰণজন। সকলোৱে মাত্ৰ এটাই আশা কৰিছে যে কেনেদৰে এই ব্যাধিটোক ৰখাব পৰা যায়। এনে পৰিপ্ৰেক্ষিততে, বৰ্তমান চৰকাৰক সহায়ৰ হাত আগবঢ়াইছে সাধাৰণজনৰ লগতে চিলেব্ৰেটীসকলেও। হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, যতীন বৰাৰ সমান্তৰালকৈ চৰকাৰক অনুদান আগবঢ়াইছে আইমী বৰুৱা, আচুৰ্য্য বৰপাত্ৰ তথা গায়ত্ৰী মহন্তও।


এইবাৰ চৰকাৰক অনুদান আগবঢ়াবলৈ সমুখলৈ আহিছে অসমীয়া দৰ্শকৰ সকলোৰে পৰিচিত “জানমণি” অৰ্থাৎ শ্যামন্তিকা লগতে তনভী শৰ্মা। সমাজক অকণমান সহায় কৰাৰ মানসেৰে আগবাঢ়ি আহিছে বৰ্তমান দুয়োগৰাকী অভিনেত্ৰী। অসমীয়া জনপ্ৰিয় অভিনেত্ৰীৰ ক্ষেত্ৰত নাম ল’ম পৰা এই দুয়োগৰাকী অভিনেত্ৰীয়ে চচিয়েল মিডিয়া যোগে দৰ্শকৰ আগত এই কথা প্ৰকাশ কৰে। উক্ত অভিনেত্ৰী দুগৰাকী ক্ৰমে শ্যামন্তিকা ও তনভীয়ে চৰকাৰলৈ অনুদান আগবঢ়োৱাৰ কথা ব্যক্ত কৰাৰ লগতে জনসাধাৰণক সজাগ গৈ থাকিবলৈ আহ্বান জনায়। সামৰ্থ্যনুযায়ী দুয়োগৰাকীয়ে কিছু ধন “PM CARES FUND” লৈ আগবঢ়োৱা বুলি ভিডিঅ’যোগে দৰ্শকক জানিবলৈ দিয়ে।

View this post on Instagram

I did my part in the war against Coronavirus..

A post shared by Shyamontika Sharma (@shyamontikasharma) on


উল্লেখ্য যে,অসমীয়া ভি.চি.ডি তথা চিনেমা আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ যোগেৰে দৰ্শকৰ হৃদয় জিনা “জানমণি” খ্যাত অভিনেত্ৰী শ্যামন্তিকা শৰ্মা কিছুদিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। ভাৰতীয় নৌ-সেনাত কৰ্মৰত সুপ্ৰতীম দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল শ্যামন্তিকা। লগতে, তনভী শৰ্মাক আগন্তুক দিনত “দাদা তুমি দুষ্ট বৰ” ছবিখনত দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform